হোজাই, 30 ছেপ্তেম্বৰঃ হোজাইত ভিক্ষা বৃত্তিত জড়িত কোৰোৱা দুই কিশোৰক উদ্ধাৰ ৷ ডবকা চহৰৰ এটা ভাড়াঘৰত ৰাখি চাৰিজনকৈ কিশোৰক ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল মাইনুল আৰু ৰুহুল আমিনে ৷ ধিঙৰ পৰা ভিক্ষাবৃত্তিৰ ব্যৱসায় চলাই আহিছিল চক্ৰটোৱে ৷ মঙ্গলবাৰে ভিক্ষা কৰি থকা অৱস্থাতে ডবকাৰ এজন সাংবাদিকে কিশোৰ কেইজনক উদ্ধাৰ কৰি হোজাই জিলা আইনসেৱা প্ৰাধিকৰণক খবৰ দিয়ে ৷
হোজাইত ভিক্ষা বৃত্তিত জড়িত কৰোৱা দুই কিশোৰক উদ্ধাৰ - হোজাইত ভিক্ষা বৃত্তিত জড়িত কিশোৰ উদ্ধাৰ
ডবকা চহৰৰ এটা ভাড়াঘৰত ৰাখি চাৰিজনকৈ কিশোৰক ভিক্ষাবৃত্তিত নিয়োগ কৰিছিল মাইনুল আৰু ৰুহুল আমিনে ৷ ধিঙৰ পৰা ভিক্ষাবৃত্তিৰ ব্যৱসায় চলাই আহিছিল চক্ৰটোৱে ৷
![হোজাইত ভিক্ষা বৃত্তিত জড়িত কৰোৱা দুই কিশোৰক উদ্ধাৰ two boys forcefully involved in begging are rescued at Hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8990769-thumbnail-3x2-h.jpg)
হোজাইত ভিক্ষা বৃত্তিত জড়িত কোৰোৱা দুই কিশোৰ উদ্ধাৰ
ইয়াৰ পিছতেই আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙ, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, চাইল্ড লাইন আৰু ডবকা আৰক্ষীয়ে কিশোৰ কেইজনক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি মাইনুল আৰু ৰুহুল আমিনৰ বিৰুদ্ধে ডবকা থানাত গোচৰ ৰুজু কৰিছে চাইল্ড লাইনে ৷ আৰক্ষীয়ে দোষীক বিচাৰি আৰম্ভ কৰিছে অভিযান ৷
লগতে পঢ়ক-নৱ নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়াক সম্বৰ্ধনা অসম ৰাজ্যিক বিজেপিৰ
Last Updated : Sep 30, 2020, 12:23 PM IST