হোজাই, 14 জুন : উদালীৰ চিকিৎসকৰ প্ৰহাৰ কাণ্ড(doctor attack incident)ৰ লগত জড়িত আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ ইজনৰ পিছত সিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । দেওবাৰে নিশা হোজাইৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গ্ৰেপ্তাৰ কৰিছে এই দুজন অভিযুক্তক । গ্ৰেপ্তাৰ কৰা দুজনৰ নাম আব্দুৰ ৰহমান আৰু তাইজুৰ ৰহমান বুলি জানিব পৰা গৈছে । সম্পৰ্কত দুয়োজন ভাই-ককাই ।
উদালী কাণ্ডৰ লগত জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ
উদালীৰ চিকিৎসকক প্ৰহাৰ কাণ্ড(doctor attack incident)ৰ লগত জড়িত ইজনৰ পিছত সিজন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ দেওবাৰে নিশা হোজাইৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
উদালী কাণ্ডৰ লগত জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ
উল্লেখ্য যে, বৰ্তমান দুয়ো ভাতৃক লংকা থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । এই পর্যন্ত উদালী কাণ্ডৰ সৈতে জড়িত ৩২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Youtube ৰ পৰা বোমা বনাবলৈ শিকি বিপদত নাগপুৰৰ যুৱক