হোজাই,27 মে’:নগাঁও জিলাৰ কঠিয়াতলীৰ অগ্ৰদূত কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ, সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা হোমেশ্বৰ হীৰা আৰু কাৰ্বি আংলঙৰ সাংবাদিক ৰাজীৱ মেচৰ অকাল বিয়োগত লংকাৰ সাংবাদিক সমাজ হৈ পৰিছে শোকগ্ৰস্ত । সেয়েহে বুধবাৰে লংকাৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত স্থানীয় সাংবাদিকসকলৰ উপস্থিতিত সাংবাদিক দুগৰাকীৰ স্মৃতিত এক শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
লংকা সাংবাদিক সন্থাৰ উদ্যোগত দুই সাংবাদিকক শ্রদ্ধাঞ্জলি - tribute
হোজাই জিলাৰ লংকাৰ সাংবাদিক সন্থাৰ দ্বাৰা জ্যেষ্ঠ সাংবাদিক হোমেশ্বৰ হীৰা আৰু কাৰ্বি আংলঙৰ সাংবাদিক ৰাজীৱ মেচৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত ৷

লংকা সাংবাদিক সন্থাৰ দ্বাৰা দুই প্রয়াত সাংবাদিকক শ্রদ্ধাঞ্জলী
উক্ত অনুষ্ঠান বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰে সন্থাৰ সভাপতি মুকুল গোস্বামীয়ে । সেই অনুষ্ঠানত সাংবাদিকসকল উপস্থিত হৈ এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে দুয়ো গৰাকী সাংবাদিকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
লগতে পঢ়ক : হাইব্ৰিড ধানৰ উদ্ভাৱক ড৹ ইউৱান লংপিঙক সোঁৱৰণ অসম কৃষি বিশ্ববিদ্যালয়ৰ