অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি - সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Top 10 at 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Dec 1, 2022, 7:03 PM IST

Gujarat assembly polls: গুজৰাটত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি

গুজৰাটৰ 89 টা বিধানসভা সমষ্টিত আজি সন্ধিয়া 5 বজাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰে (Gujarat assembly polls) ৷

Birendra Prasad Baishya slams Ripun Bora: ৰিপুন বৰাক কটাক্ষ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাক কঠোৰ সমালোচনা অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ (Birendra Prasad Baishya slams Ripun Bora) ৷ বৃহস্পতিবাৰে নগাঁৱত অগপৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি অগপৰ একমাত্ৰ সাংসদ গৰাকীয়ে লাচিত বৰফুকন সন্দৰ্ভত ৰিপুন বৰাই কৰা মন্তব্যক ধিক্কাৰ দিয়ে (Birendra Prasad Baishya slams Ripun Bora in Nagaon) ৷

Assam Book fair in Jorhat: শুকুৰবাৰৰ পৰাৰ যোৰহাটত আৰম্ভ হ'ব অসম গ্ৰন্থমেলা

যোৰহাটত ২ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অসম গ্ৰন্থমেলা(Assam Book fair 2022) ৷ ১০ দিনীয়া কাৰ্যসূচীৰে যোৰহাট কাছাৰী ময়দানত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাত বিশিষ্ট চিন্তাবিদ, লেখক, প্ৰৱন্ধকাৰ, সাহিত্যিক, গৱেষককে আদি কৰি বহুকেইগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

DU ragging controversy: ৰেগিংকাণ্ডক লৈ মুখ খুলিছে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আৱাসীসকলে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ লগত তৃতীয় শক্তি জড়িত হৈ আছে(Dibrugarh university Ragging incident) । বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আবাসীসকলে বৃহস্পতিবাৰে পোনপ্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে এই কথা ।

Bharat Jodo Yatra : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রাই আলফাৰ দাবীক স্বীকৃতি দিয়ে : মুখ্যমন্ত্রী

কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্রা'ৰ থীমটোকে ভুল আখ্যা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (Congress Bharat Jodo Yatra) । বৃহস্পতিবাৰে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রাক লৈ মোৰ অলপো আগ্ৰহ নাই (Himanta BIswa Sarma comment on Bharat Jodo Yatra) ।"

Rangapara District administration orders : 24 ঘণ্টাৰ ভিতৰত ৰঙাপৰাত পদপথ মুকলি কৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

ৰঙাপৰা পৌৰসভাক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ ব্যৱসায়ীয়ে চলাই গৈছে ব্যৱসায় ৷ যাৰ ফলত 24 ঘণ্টাৰ ভিতৰত ৰঙাপৰাত পদপথ মুকলি কৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ (Rangapara District administration orders to open footpaths within 24 hours)৷

Mini African village in India: জীৱনত প্ৰথমবাৰ ভোট দিছে মিনি আফ্ৰিকাখ্যাত জাম্বুৰৰ বাসিন্দাই

মিনি আফ্ৰিকা বুলি প্ৰচাৰিত জাম্বুৰ গাঁৱৰ (Mini African village in India) লোকসকলে 2022 চনৰ প্ৰথম পৰ্যায়ৰ গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে (India mini African village will vote for the first time) । আফ্ৰিকান বংশৰ জাম্বুৰৰ বাসিন্দাসকলে নিৰ্বাচনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হোৱাৰ সুযোগ পোৱাত উল্লাসিত হৈছে (India mini African village jambur news today )।

FIFA World Cup 2022 : চার্জ দিব লাগে বিশ্বকাপৰ বলত ! ৰহস্য কি ?

এইবাৰৰ বিশ্বকাপৰ ফুটবলটোৰ নাম হৈছে ‘আল ৰিহলা’ (Qatar world cup football Al Rihla) । এই বলটো প্ৰস্তুত কৰিছে আমেৰিকাৰ এটা কোম্পানীয়ে । উক্ত বলটোৰেই এখন ফটোৱে সম্প্রতি অবাক কৰিছে সমগ্ৰ বিশ্বৰ ফুটবলপ্রেমীক । কিন্তু কিহৰ বাবে এই আশ্চৰ্য ? কি আছে এই বলটোত ?

FIFA World Cup 2022 : পুৰুষ বিশ্বকাপত প্রথম মহিলা ৰেফাৰী, আজি সৃষ্টি হ'ব ইতিহাস

পুৰুষৰ ফুটবল বিশ্বকাপত প্রথমবাৰৰ বাবে মেচ পৰিচালনা কৰিব কোনো মহিলা ৰেফাৰীয়ে (first female referee in male world cup football) । বৃহস্পতিবাৰে কাটাৰৰ খেলপথাৰত এই ইতিহাস ৰচিব ফ্রান্সৰ ৰেফাৰী ষ্টেফানি ফ্রাপাই ।

Pathaan New Poster: পাঠানৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰি শ্বাহৰুখে অনুৰাগীক কি ক’লে

শ্বাহৰুখ খানে তেওঁৰ বহু প্ৰতীক্ষিত ছবি 'পাঠান'ৰ এখন নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে । লগতে তেওঁ তেওঁৰ অনুৰাগীসকলক এটা প্ৰশ্নও সুধিছে । সবিশেষ আগলৈ-

ABOUT THE AUTHOR

...view details