অসম

assam

By

Published : Nov 4, 2021, 6:24 PM IST

ETV Bharat / state

হোজাইত জন অভিযোগ নিষ্পতিকৰণৰ উদ্দেশ্যে মুকলি দৃষ্টি পৰ্টেল

চৰকাৰী কাৰ্যালয়সমূহ দালালমুক্ত কৰাৰ লগতে জনসাধাৰণৰ সুবিধাৰ্থে তেওঁলোকৰ অভাৱ অভিযোগসমূহ ঘৰতে সমাধান কৰাৰ বাবে বৰ্তমান চৰকাৰে অনলাইন ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰে অংশহিচাপে বৃহস্পতিবাৰে হোজাই জিলাত জিলা প্ৰশাসনৰ উদ্যোগত দৃষ্টি শীৰ্ষক এক পৰ্টেল মুকলি কৰা হয় ।

Hojai district administration Open Dristi Portal
হোজাইত জন অভিযোগ নিষ্পতিকৰণৰ উদ্দেশ্যে মুকলি দৃষ্টি পৰ্টেল

হোজাই, 4 নৱেম্বৰ :হোজাই জিলাত জন অভিযোগ নিষ্পতিকৰণৰ উদ্দেশ্যে বৃহস্পতিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত দৃষ্টি শীৰ্ষক এক পৰ্টেল মুকলি কৰা হয় । এই পৰ্টেলৰ জৰিয়তে এতিয়াৰে পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰত বহিয়েই হোজাই জিলাবাসীয়ে সহজে বিভিন্ন অভিযোগ দাখিল কৰিব পাৰিব ৷ জনতাৰ এই অভিযোগসমূহ এই পৰ্টেলৰ জৰিয়তে প্ৰশাসনৰ লোকে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰিব ৷

হোজাইত জন অভিযোগ নিষ্পতিকৰণৰ উদ্দেশ্যে মুকলি দৃষ্টি পৰ্টেল

জনতাৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধানৰ উদ্দেশ্যৰে হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ । হোজাই জিলা প্ৰশাসনৰ উদ্যোগত মুকলি কৰা 'দৃষ্টি' নামৰ ৱেব পৰ্টেলটো dristihojai.in লিংকত গৈ অভিযোগ দাখিল কৰাৰ লগতে এই অভিযোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হ’বলৈ সক্ষম হ’ব । ৱেব পৰ্টেলটো বৰ্তমান পৰীক্ষামূলক প্ৰকল্প হিচাপে উদালী উন্নয়ন খণ্ডৰ বাবে প্ৰযোজ্য হোৱাকৈ বিকশিত কৰি মুকলি কৰা হৈছে ।

হোজাইত জন অভিযোগ নিষ্পতিকৰণৰ উদ্দেশ্যে মুকলি দৃষ্টি পৰ্টেল

পৰ্যায়ক্ৰমে এই পৰ্টেলটো আন আন বিভাগলৈ সম্প্ৰসাৰণ কৰা হ’ব । উদালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত, উদালী খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিত হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে পৰ্টেলটো আনুষ্ঠানিকভাবে মুকলি কৰে । হোজাই প্ৰশাসনে জন অভিযোগ নিষ্পতিকৰণৰ বাবে দৃষ্টি পৰ্টেল ৰাইজৰ বাবে মুকলি কৰা কাৰ্যক আদৰণি জনাই লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ।

লগতে পঢ়ক :ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

...view details