অসম

assam

By

Published : Aug 29, 2020, 3:03 PM IST

ETV Bharat / state

লংকাত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস

লংকাৰ ষ্টেট বেংকৰ পৰা শিবু মালাকাৰে টকাখিনি উঠাই ঘৰলৈ যাবলৈ ই-ৰিস্কাত উঠোতেই দুৰ্বৃত্তই শিবুৰ কান্ধত থকা বেগটো থপিয়াই লৈ লংকাপট্টীৰ দিশে পলায়ন কৰে ।

theft at hojai
লংকাত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস

হোজাই, 29 আগষ্ট: হোজাই জিলাৰ লংকাত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস । লংকাৰ ষ্টেট বেংকৰ সম্মূখৰ পৰা এজন ব্যক্তিৰ পৰা বাইকত অহা দুই দুৰ্বৃত্তই লুটি নিলে প্ৰায় এক লাখ চল্লিশ হাজাৰ টকা । পশ্চিম লংকা গাঁৱৰ শিবু মালাকাৰ নামৰ লোকজনৰ পৰা দুৰ্বৃত্তই লুটিলে ধনখিনি ৷

লংকাত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস

লংকাৰ ষ্টেট বেংকৰ পৰা শিবু মালাকাৰে টকাখিনি উঠাই ঘৰলৈ যাবলৈ ই-ৰিস্কাত উঠোতেই ‌ই শিবুৰ কান্ধত থকা বেগটো থপিয়াই লৈ লংকাপট্টীৰ দিশে পলায়ন কৰে । বেগটোত নগদ ১ লাখ ৪০ হাজাৰ টকাৰ লগতে আছিল এছ বি আই এটিএম, বেংক পাছবুক আৰু মূল্যবান নথিপত্ৰ ।

ইতিমধ্যে ভুক্তভোগী শিবু মালাকাৰে লংকা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজেহাৰ ।

লগতে পঢ়ক : প্ৰকৃতাৰ্থত কিমান লাভান্বিত ৰাজ্যৰ চাহ ব্যৱসায়?

ABOUT THE AUTHOR

...view details