হোজাই,9 ফেব্ৰুৱাৰীঃ এগৰাকী বিশেষ ব্যক্তি ৷ যি গৰাকী ব্যক্তিৰ কৰ্মই অসমলৈ আনিছে গৌৰৱৰ বতৰা ৷ কেৱল ভাৰত বৰ্ষতে নহয়,বিশ্বতো ব্যক্তি গৰাকীৰ কৰ্মই লাভ কৰিছে অভাৱনীয় সফলতা ৷ গ্ৰীণিজ বুক অৱ ৰেকৰ্ডছৰ পৰা আৰম্ভ কৰি ইউৰোপৰ মহাদেশৰ ৰবাৰ্ট ডি চৰ্বন ইউনিভাৰ্চিটি অফ ফ্ৰান্সলৈকে সমাদৃত হৈছে ব্যক্তিগৰাকীৰ কাৰ্যকলাপ ৷ এসময়ত চিমেন্ট ফেক্টৰীত দিন হাজিৰা কৰিছিল ব্যক্তিগৰাকীয়ে ৷ আনুষ্ঠানিক শিক্ষা বুলি ক'লে সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰিছে ৷ কিন্তু তেওঁ আজি সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমী সকলৰ বাবে আদৰ্শত পৰিণত হৈছে ৷ কঠোৰ অধ্যৱসায় আৰু পৰিশ্ৰমৰ বলত উচ্চ শিক্ষা নোলোৱাকৈয়ে লাভ কৰিছে ডক্টৰেট ডিগ্ৰী ৷
হোজাই জিলাৰ এখন সৰু ঠাই উদালি ৷ আমি গৈছিলো তেখেতৰ ঘৰলৈ ৷ উদালিত থকা এখন মনোমোহা নাৰ্ছাৰীয়ে আকৰ্ষণ কৰি আহিছে বিশ্বৰ প্ৰকৃতিপ্ৰেমী সকলৰ মন ৷ দেশ বিদেশৰ বহুতো দুষ্প্ৰাপ্য উদ্ভিদৰ ঠিকনা এই নাৰ্ছাৰীখন ৷ প্ৰকৃতিৰ মেটমৰা সম্ভাৰেৰে ভৰি থকা এই নাৰ্ছাৰীখনৰ অন্তৰালত থকা ব্যক্তিজন হৈছে ডঃ ৰহমত আলী লস্কৰ ৷ এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত এই নাৰ্ছাৰীখনত সংৰক্ষিত হৈছে দেশ বিদেশৰ বহু বিলুপ্তপ্ৰায় উদ্ভিদ তথা অৰ্কি়ড ৷ এসময়ত চিমেন্ট ফেক্টৰীৰ 25 টকীয়া হাজিৰা কৰা শ্ৰমিক ডঃ ৰহমত আলী লস্কৰৰ উদ্যানত সংৰক্ষিত হৈ আছে
- 1146 টা প্ৰজাতিৰ দুষ্প্ৰাপ্য অৰ্কিড
- বিভিন্ন দেশৰ 260 টা প্ৰজাতিৰ বাঁহ
- সংৰক্ষণ কৰা হৈছে 726 টা প্ৰজাতিৰ ঔষধি গুণযুক্ত উদ্ভিদ
- প্ৰায় 400 প্ৰজাতিৰ আলংকৰিক ফুল
- 230 টা প্ৰজাতিৰ কেকটাছ জাতীয় উদ্ভিদ শূন্যৰ পৰা জীৱন সংগ্ৰাম আৰম্ভ কৰা এজম ব্যক্তি
মাত্ৰ সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰা ডঃ ৰহমত আলী লস্কৰে কৈ সলসলীয়াকৈ কৈ যাব পাৰে প্ৰতিজোপা উদ্ভিদ তথা অৰ্কিডৰ বৈজ্ঞানিক নাম আৰু ইয়াৰ বিশেষত্বৰ কথা ৷ একান্ত পৰিশ্ৰম,অধ্যৱসায় আৰু কষ্টৰ ফলত নিজকে এগৰাকী আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকৃতিবিদ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা ডঃ ৰহমত আলী লস্কৰে আমাক জনাইছিল উদ্যানখনত থকা বহুতো দুষ্প্ৰাপ্য আৰু মূল্যৱান অৰ্কিডৰ বহু কথা ৷