অসম

assam

ETV Bharat / state

মৃত্যুক আঁকোৱালি ল’লে পত্নীৰ কুঠাৰৰ ঘাপত আহত বিজয় দাসে

16 জুলাইত স্বামী বিজয় দাসক নিশা আন্ধাৰৰ সুযোগ লৈ পত্নী শ্ৰাৱন্তি দাসে কুঠাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল বিজয় দাস ৷ কিন্তু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে বিজয় দাসে ৷

By

Published : Jun 18, 2021, 10:31 PM IST

the-husband-who-was-treated
অৱেশষত প্ৰাণ গ’ল পত্নীৰ কুঠাৰৰ ঘাপত চিকিৎসাধীন স্বামীৰ

হোজাই,18 জুন : চলিত মাহৰ 16 জুনত হোজাই জিলাৰ ডবকাৰ ভেলেউগুৰিত সংঘটিত হৈছিল এক জঘন্য ঘটনা ৷ পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি স্বৰূপে স্বামী বিজয় দাসক নিশা আন্ধাৰৰ সুযোগ লৈ পত্নী শ্ৰাবন্তি দাসে কুঠাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল ৷ যদিও কথমপি প্ৰাণৰক্ষা পৰে বিজয় দাসৰ কিন্তু গুৰুতৰভাৱে আহত হয় ৷ তাৰপাচতে স্থানীয় লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিজয় দাসক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

ইপিনে পত্নী শ্ৰাবন্তি দাসে এই জঘন্য ঘটনা সংঘটিত কৰিয়েই জাব্ৰাখোৱাৰ শিৱ মন্দিৰত আত্মগোপন কৰি আছিল ৷ স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ ঘটনা সংঘটিত কৰা বিজয় দাসৰ পত্নী শ্ৰাবন্তি দাসক জাব্ৰাখোৱা শিৱ মন্দিৰত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰে ৷

অৱেশষত প্ৰাণ গ’ল পত্নীৰ কুঠাৰৰ ঘাপত চিকিৎসাধীন স্বামীৰ

আনহাতে পত্নীৰ কুঠাৰৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লত চিকিৎসাধীন হৈ থকা বিজয় দাসে অৱশেষত শুকুৰবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে ৷ সম্প্ৰতি বিজয় দাসৰ পত্নীৰ হাতত অকালতে মৃত্যু হ’বলগীয়া ঘটনাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

উল্লেখযোগ্য যে, শেহতীয়াকৈ হোজাই জিলাত এই ধৰণৰ হিংসাত্মক ঘটনা বৃদ্ধি পোৱা দেখা গৈছে ৷ হোজাই জিলাৰ উদালিতে ৰাজ্য কপাই যোৱা চিকিৎসক নিগ্ৰহৰ ঘটনাটো সংঘটিত হৈছিল ৷ কিছুদিন পূৰ্বে প্ৰেমজনিত কাৰণত হোজাইৰ লংকাতো নৃশংসভাৱে হত্যা কৰা হৈছিল এজন যুৱকক ৷ একেদৰে বিগত কিছু বছৰ পূৰ্ৱে এগৰাকী শিক্ষয়ত্ৰীক বিদ্যালয়লৈ যোৱাৰ অৱস্থাতে একাংশ দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰিছিল ৷ আৰক্ষীয়ে এই সমূহ ঘটনাৰ বিৰুদ্ধে যদিও তদন্ত কৰি আহিছে আজিও কিন্তু জিলা খনৰ বিভিন্ন প্ৰান্তত ডকাইতি, চুৰি কাণ্ডদৰ দৰে জঘন্য ঘটনা আজিও সংঘটিত হৈ আহিছে ৷

লগতে পঢ়ক : দলত থাকিলে দলৰ স্বাৰ্থক হে আগস্থান দিয়া উচিত : গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details