অসম

assam

By

Published : Jul 21, 2020, 6:53 PM IST

ETV Bharat / state

লংকাৰ এটা কোৱাৰেন্টাইন চেন্টাৰত ঘটিল আজৱ কাণ্ড !

হোজাইৰ লংকাত এটা বিবাহ ভৱনক চৰকাৰে ৰূপান্তৰ কৰিছিল কোৱাৰেন্টাইন চেন্টাৰলৈ ৷ শেহতীয়াকৈ চৰ্চাৰ মাজলৈ আহিছে কোৱাৰেন্টাইন চেন্টাৰটো ৷ কোৱাৰেন্টাইন চেন্টাৰত থকা মানুহলৈ কাপোৰ আহিছে ঘৰৰ পৰা ৷ ঘৰৰ মানুহে কোৱাৰেন্টাইন চেন্টাৰত আহি দি গৈছে কাপোৰ-কানি তথা বিভিন্ন সামগ্ৰী ৷ কোৱাৰেন্টাইন চেন্টাৰৰ ওপৰৰ মহললৈ ৰছীৰ সহায়েৰে বিভিন্ন সামগ্ৰী আদান-প্ৰদান কৰিছে পৰিয়ালৰ লোকে ৷

Terror at hojai lanka quarantine centre
লংকাৰ এটা কোৱাৰেন্টাইন চেন্টাৰত ঘটিল আজৱ কাণ্ড !

হোজাই, 21 জুলাইঃ শেহতীয়াকৈ চৰ্চাৰ মাজলৈ আহিছে হোজাইৰ লংকাৰ এটা কোৱাৰেন্টাইন চেন্টাৰ ৷ এই কোৱাৰেন্টাইন চেন্টাৰত চলি আছে আজৱ ঘটনা ৷ ক'ভিড ৰোগীলৈ কাপোৰৰ লগতে বিভিন্ন সামগ্ৰীৰ আদান প্ৰদান চলি আছে ঘৰৰ পৰা ৷ হোজাইৰ লংকাত এটা বিবাহ ভৱনক চৰকাৰে ৰূপান্তৰ কৰিছিল কোৱাৰেন্টাইন চেন্টাৰলৈ ৷ এই কোৱাৰেন্টাইন চেন্টাৰটোৰ ক'ভিড-ৰোগী আৰু পৰিয়ালৰ ওপৰত অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কাৰণ কোৱাৰেন্টাইন চেন্টাৰৰ ওপৰৰ মহললৈ ৰছীৰ সহায়েৰে ক'ভিড-ৰোগীক বিভিন্ন সামগ্ৰী আদান-প্ৰদান কৰিছে পৰিয়ালৰ লোকে ৷

লংকাৰ এটা কোৱাৰেন্টাইন চেন্টাৰত ঘটিল আজৱ কাণ্ড !

এনেদৰে সামগ্ৰী আদান-প্ৰদানৰ জৰিয়তে ক'ভিড-ৰোগীৰ পৰিয়ালৰ লোকলৈ কৰ'ণা ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ হোজাই জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃকৰ'ণাত আক্ৰান্ত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী

ABOUT THE AUTHOR

...view details