অসম

assam

By

Published : Jun 9, 2019, 8:03 PM IST

ETV Bharat / state

হোজাইত কিশোৰী নিৰুদ্দেশ

কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় তিনিআলি আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সৰ্ম্পকীয় এক এজাহাৰ দাখিল কৰে যদিও পাঁচদিন অতিক্ৰম কৰাৰ পাচতো কিশোৰীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী ।

EtV BHARAT

হোজাই ,9 জুন : পৱিত্ৰ ঈদৰ দিনাটোৰ পৰাই লংকাৰ উদালী গাঁৱৰ পৰা নিৰুদ্দিষ্ট হৈ আছে এগৰাকী কিশোৰী । কাকী জয়পুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰী গৰাকী 5 জুনত নিজঘৰৰ পৰা সন্ধিয়া 6 মান বজাৰ পৰা সন্ধানহীন হয় । কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় তিনিআলি আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সৰ্ম্পকীয় এক এজাহাৰ দাখিল কৰে যদিও পাঁচদিন অতিক্ৰম কৰাৰ পাচতো কিশোৰীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী । আনহাতে কিশোৰীগৰাকীৰ পৰিয়ালে গাঁৱৰে ছাদ্দাম হুচেইন নামৰ এজন যুৱকে অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

হোজাইত কিশোৰী নিৰুদ্দেশ

ABOUT THE AUTHOR

...view details