হোজাই, 25 জুলাই: হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালী গাঁৱত বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে ভণ্ড প্ৰেমিকে সপ্তম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ এক ভয়ংকৰ অভিযোগ উঠিছে । ঘটনা সন্দৰ্ভত হাতিখালী গাঁৱৰ লম্পট ইছলাম উদ্দিনৰ বিৰুদ্ধে ১৩ জুলাইত ভুক্তভোগীয়ে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ আৰক্ষী প্ৰশাসনৰ নিৰৱ ভূমিকাত হোজাই জিলা খনত দিনক দিনে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা । এই অভিযোগ নবালিকাৰ পৰিয়াল আৰু স্থানীয় দল সংগঠনৰ । হোজাই জিলাৰ বিভিন্ন ঠাইত প্ৰায়ে সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো ধৰ্ষণ ঘটনা । ৰহস্যজনকভাৱে বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰা নাই এই জঘন্য অপৰাধৰ মূল অভিযুক্ত লম্পট ইছলাম উদ্দিনক ।
হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালীত নাৰকীয় ঘটনা - হাতিখালি
বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে ভণ্ড প্ৰেমিকে সপ্তম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ এক ভয়ংকৰ অভিযোগ উঠিছে । ঘটনা সন্দৰ্ভত হাতিখালী গাঁৱৰ লম্পট ইছলাম উদ্দিনৰ বিৰুদ্ধে ১৩ জুলাইত ভুক্তভোগীয়ে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷
হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালী নাৰকীয় ঘটনা
আনহাতে মোৰাঝাৰ আৰক্ষী বিষয়াই দেৱস্থান উপ আৰক্ষী বিষয়াক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিছে । দেৱস্থান আৰক্ষী বিষয়াই এই জঘন্য ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।