অসম

assam

ETV Bharat / state

প্ৰশাসনিক বিষয়া ড৹ সদনেক সিঙলৈ কিয় খং উঠিছে শিক্ষকৰ ? - শিক্ষকৰ ক্ষোভৰ

শিক্ষকৰ ক্ষোভৰ সমুখীন হোজাই জিলা প্ৰশাসন ৷ বিতৰ্কৰ আৱৰ্তত জিলাখনৰ পূৰ্বৰ উপায়ুক্ত ড৹ সদনেক সিং ৷ সবিশেষ জানো আহক ৷

teachers-from-hojai-district-are-angry-with-ex-deputy-commissioner-of-the-district
প্ৰশাসনিক বিষয়া ড৹ সদনেক সিঙলৈ কিয় খং উঠিছে শিক্ষকৰ ?

By

Published : Nov 4, 2021, 7:52 PM IST

হোজাই, 4 নৱেম্বৰ :বিতৰ্কৰ আৱৰ্তত আই এ এছ বিষয়া ড৹ সদনেক সিং ৷ বৰ্তমান পৰিৱহন বিভাগত গুৱাহাটীত কৰ্মৰত ড৹ সদনেক সিং পূৰ্বতে হোজাই জিলাৰ উপায়ুক্ত হিচাপে নিয়োজিত হৈ আছিল ৷ বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকিলেও পূৰ্বৰ কৰ্মৰ স্থানৰ বিতৰ্কই লগ এৰা নাই বিষয়া গৰাকীক ৷ এই বিতৰ্কৰ সূচনা হৈছিল চলিত বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ৷

ঘটনা অনুসৰি, নিৰ্বাচনত প’লিং, প্ৰিজাইদিং বিষয়া হিচাপে নিয়োজিত হৈছিল হোজাই জিলাৰ বিভিন্ন বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী সকল । বিশেষকৈ জিলাখনৰ শিক্ষক সমাজৰ এটা বৃহৎ অংশ এই কাৰ্যত নিয়োজিত হৈছিল ৷ সম্প্ৰতি জিলাখনৰ শিক্ষক সমাজে হৈ যোৱা নিৰ্বাচনটোত পৰ্যাপ্ত পৰিমানৰ পাৰিশ্ৰমিক নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

প্ৰশাসনিক বিষয়া ড৹ সদনেক সিঙলৈ কিয় খং উঠিছে শিক্ষকৰ ?

যি সময়ত ৰাজ্যৰ অন্যান্য জিলা সমূহত নিৰ্বাচনৰ সময়ত চৰকাৰী কৰ্মচাৰী সকলক অধিক পাৰিশ্ৰামিক দিয়া হৈছিল ৷ সেই একে সময়তে তুলনামূলকভাৱে হোজাই জিলাৰ কৰ্মচাৰী সকলক যথেষ্ট কম পৰিমাণৰ পাৰিশ্ৰমিক দিয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে জিলাখনৰ শিক্ষক সমাজে ৷

উল্লেখ্য যে, নিৰ্বাচনত নিয়োজিত কৰ্মচাৰী সকলে আপত্তি দৰ্শোৱাত কৰ্মচাৰী সকলৰ পৰা বেংক নম্বৰ লোৱা হ’ল যদিও বৰ্তমানলৈকে বাকী থকা ধন নোপোৱাত ক্ষোভিত হৈছে শিক্ষক সমাজ ৷ সম্প্ৰতি হোজাই জিলা প্ৰশাসনৰ তথা সেই সময়ৰ উপায়ুক্ত ড৹ সদনেক সিঙৰ বিৰুদ্ধে শিক্ষক সকলে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে । ইয়াৰ লগতে, একাংশ শিক্ষকে পাৰিশ্ৰমিককে ধৰি আন আন বিষয়তো নিৰ্বাচনৰ সময়ত বহু বেমেজালি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে পূৰ্বৰ উপায়ুক্ত সদনেক সিঙৰ বিৰুদ্ধে ।

লগতে পঢ়ক :দেহৰ অংগ প্ৰদানৰ বিনিময়ত প্ৰতাৰণাৰ বলি !

ABOUT THE AUTHOR

...view details