বাক্সা, ৬ ছেপ্তেম্বৰ: দেশৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত শিক্ষকসকলে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় । দেওবাৰে বাক্সা জিলাৰ মুছলপুৰৰ কেইবাটাও স্থানত শিক্ষক দিৱস পালন কৰা হয় ।
ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আৰু আদৰ্শ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ উদ্যোগত নাৰায়ণপুৰত শিক্ষক দিৱস পালন কৰা হয় । গীতিকা হালৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প বিষয়া পামী ব্ৰহ্মই শিক্ষক দিৱসৰ তাৎপৰ্যৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷
তেওঁ কয় যে, 'শিক্ষকসকলৰ ত্যাগ আৰু কষ্টৰ ফলতে আজি আমি সমাজত মানুহ ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছো আৰু সেয়েহে শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধা সদায় অটুট থকা উচিত'। এই অনুষ্ঠানত কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । ইফালে, সভাত উপস্থিত থাকি নাৰায়ণপুৰ মিলন হাইস্কুলৰ প্ৰধান শিক্ষক পানীৰাম ৰামচিয়াৰীয়ে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু দৰ্শনৰ বিষয়ে বৰ্ণনা কৰে ৷