হোজাই,৫ জুলাই:ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে(Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে(Har Ghar Tiranga Programme in Hojai) । উক্ত অভিযানৰ অংশস্বৰূপে হোজাইৰ জিলা উপায়ুক্তৰ কাৰ্য্যলয় চৌহদত ত্ৰিৰংগা বিক্ৰীৰ বাবে বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় (Taranga sales center opened) ।
হোজাই জিলাখনত "হৰ ঘৰ ত্ৰিৰংগা" অভিযান সন্দৰ্ভত হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে কয় যে, হোজাই জিলাৰ আত্মসহায়ক গোটসমূহে প্ৰায় ৯০ হাজাৰ পতাকা তৈয়াৰ কৰিছে । ৯০ হাজাৰ পতাকাৰ ভিতৰত ৮০ হাজাৰ পতাকা ইতিমধ্যেই বিক্ৰী হৈ গৈছে ।