অসম

assam

By

Published : May 21, 2021, 7:47 PM IST

ETV Bharat / state

জাৰ্বাখোৱাৰ ৰাজপথত হোজাই আৰক্ষীৰ তালাচী

শুকুৰবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ল ক’ভিডৰ নতুন নিৰ্দেশনা ৷ হোজাই-নগাঁও জিলাৰ সীমান্ত জাৰ্বাখোৱাৰ মূল চাৰিলাইনযুক্ত পথত হোজাই জিলা আৰক্ষীৰ তালাচী অভিযান ৷

talashi-abhiyan-by-hojai-polce
শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ল আন্ত: জিলা যাতায়ত ব্যৱস্থা

হোজাই,19 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ গণ সংক্ৰমণ ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সময়ে সময়ে চৰকাৰে জাৰি কৰি আহিছে ক’ভিড নিৰ্দেশনা ৷ শুকুৰবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ল ক’ভিডৰ নতুন নিৰ্দেশনা ৷

লগতে শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি বন্ধ হয় আন্তঃজিলা যাতায়াত ব্যৱস্থা ৷ ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপ গ্ৰহণ ৷ হোজাই-নগাঁও জিলাৰ সীমান্তৱৰ্তী জাৰ্বাখোৱাৰ মূল চাৰিলাইনযুক্ত পথত হোজাই জিলা আৰক্ষীয়ে চলাই এক তালাচী অভিযান ।

শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ল আন্ত: জিলা যাতায়ত ব্যৱস্থা

হোজাইত সোমোৱা প্ৰতিখন সৰু-বৰ বাহন তন্ন-তন্নকৈ নিৰীক্ষণ কৰে আৰক্ষীয়ে ৷ কেৱল মাত্ৰ অত্যাৱশ্যকীয় কামত নিয়োজিত বাহনক জিলাখনত সোমাবলৈ দিয়াৰ লগতে বিনা কাৰণত অহা যান-বাহনসমূহক পুনৰ ওভতাই পঠোৱা হয় ৷ উল্লেখ্য যে, এইপৰ্যন্ত ৰাজ্যখনত মুঠ 3,35,023 গৰাকী লোক ক’ভিড-19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰে 2,86,464 গৰাকী ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰিছে আৰু 44,942 গৰাকী ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ ক’ভিড আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা 2,272 গৰাকী ৷

লগতে পঢ়ক:চিৰাঙ আৰু বঙাইগাঁৱত আন্তঃজিলা যাতায়ত বন্ধৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details