অসম

assam

ETV Bharat / state

হোজাইত 'স্বয়ম' আঁচনিৰ তালিকাত অন্তভূক্ত হৈছে চৰকাৰী চাকৰিয়ালৰ নাম - চৰকাৰী চাকৰিয়া

হোজাই জিলাৰ বহু সংখ্যক নিবনুৱা 'স্বয়ম' আঁচনিৰৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে এই আঁচনি সুবিধা লাভ কৰিছে চৰকাৰী চাকৰিয়ালে ৷ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি 'স্বয়ম' আঁচনিৰ তালিকাত সন্নিবিষ্ট হৈছে জয়শ্ৰী বৰুৱা নামৰ এগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম ।

SVAYEM SCHEME corruption at hojai
হোজাইত 'স্বয়ম' আঁচনিৰ তালিকাত অন্তভূক্ত হৈছে চৰকাৰী চাকৰিয়াৰ নাম

By

Published : Feb 3, 2021, 9:50 PM IST

Updated : Feb 3, 2021, 10:12 PM IST

হোজাই, 3 ফেব্ৰুৱাৰী : হোজাইত 'স্বয়ম' আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ শিক্ষিত নিবনুৱা সকলক আৰ্থিক অনুদান হিচাপে 'স্বয়ম' আঁচনিৰ অধিনত 50 হাজাৰ টকাকৈ দিয়া ব্যৱস্থা কৰিছিল ৷ ইতিমধ্যে 'স্বয়ম' আঁচনিৰ অধিনত প্ৰথম পৰ্যায়ত 30 হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷

হোজাইত 'স্বয়ম' আঁচনিৰ তালিকাত অন্তভূক্ত হৈছে চৰকাৰী চাকৰিয়ালৰ নাম

কিন্তু পৰিতাপৰ বিষয় এই যে হোজাই জিলাৰ বহু সংখ্যক নিবনুৱা এই আঁচনিৰৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে এই আঁচনিৰ সুবিধা লাভ কৰিছে চৰকাৰী চাকৰিয়ালে ৷ হোজাই জিলাৰ একাংশ লোকৰ অভিযোগ অনুসৰি লংকা কাকী অঞ্চলৰ বহু শিক্ষিত নিবনুৱা 'স্বয়ম' আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷

সাংবাদিকক জানিবলৈ দিয়া অনুসৰি 'স্বয়ম' আঁচনিৰ তালিকাত সন্নিবিষ্ট হৈছে জয়শ্ৰী বৰুৱা নামৰ এগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম । প্ৰাপ্ত তথ্য অনুসৰি জয়শ্ৰী বৰুৱাই ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কৰ্মৰত ৷ কিন্তু জয়শ্ৰী বৰুৱাই 'স্বয়ম' আঁচনিৰ অধিনত লাভ কৰিছে অনুদান ৷

লগতে পঢ়ক: বঙাইগাঁৱত প্লাষ্টিকেৰে পথ নিৰ্মাণ

Last Updated : Feb 3, 2021, 10:12 PM IST

ABOUT THE AUTHOR

...view details