হোজাই, 27 নৱেম্বৰ : সুৰাৰ ৰাগীত মতলীয়া হৈ নিলম্বন হ'ল দুই কনিষ্টবল ৷ হোজাই আৰক্ষী থানাৰ দুই কনিষ্টবলে সুৰামত্ত হৈ উদ্ভণ্ডালি কৰাৰ বাবে হোজাই আৰক্ষী অধীক্ষকে নিলম্বন কৰিলে ৰতন চন্দ্ৰ পাল আৰু অপু শইকীয়া নামৰ দুই কনিষ্টবলক ৷ বৃহস্পতিবাৰে নিশা সুৰামত্ত হৈ দুই কনিষ্টবলে হোজাই চহৰত সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷
হোজাইত দুই সুৰামত্ত কনিষ্টবলক নিলম্বন - জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়
সুৰামত্ত হৈ উদ্ভণ্ডালি কৰাৰ বাবে হোজাই আৰক্ষী অধীক্ষকে নিলম্বন কৰিলে দুই কনিষ্টবলক ৷ ৰতন চন্দ্ৰ পাল আৰু অপু শইকীয়া নামৰ দুই কনিষ্টবলে সুৰামত্ত হৈ বৃহস্পতিবাৰে নিশা হোজাই চহৰত সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷
হোজাইত নিলম্বন সুৰামত্ত দুই কনিষ্টবল
তাৰ পাছতে সৰ্বত্ৰে গৰিহণাৰ সন্মুখীন হয় হোজাই জিলা আৰক্ষী ৷ সমগ্ৰ ঘটনাতো পোহৰলৈ অহাৰ পাছত জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ দেহৰক্ষী হিচাপে নিয়োজিত হৈ থকা দুই কনিষ্টবলক নিলম্বন কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
লগতে পঢ়ক:অখিল গগৈক মুক্তিৰ দাবীত টীয়কত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট