অসম

assam

ETV Bharat / state

ডবকাত ডকাইতিৰ ঘটনা

দেওবাৰে নিশা হোজাইৰ নামডবকা গাঁৱত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ মানিক উদ্দিন নামৰ এজন লোকে নিজৰ কৰ্তব্য সম্পাদন কৰি ঘৰলৈ উভতি অহাৰ সময়তে আদবাটত কোনো অজ্ঞাত দুৰ্বৃত্তৰ দল এটাই লোকজনক প্ৰহাৰ কৰি পথত পেলাই থৈ যায় ৷

Robbery in Daboka
ডবকাত ডকাইতিৰ ঘটনা

By

Published : May 31, 2021, 2:10 PM IST

Updated : May 31, 2021, 2:28 PM IST

হোজাই,31মে':হোজাইৰ ডবকাৰ নামডবকা গাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ দেওবাৰে নিশা মানিক উদ্দিন নামৰ এজন লোকে নিজৰ কৰ্তব্য সম্পাদন কৰি ঘৰলৈ উভতি অহাৰ সময়তে আদবাটত কোনো অজ্ঞাত দুৰ্বৃত্তৰ দল এটাই লোকজনক প্ৰহাৰ কৰি পথত পেলাই থৈ যায় ৷ নিশা গাঁওবাসীৰ তৎপৰতাত লোকজনক মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় ৷ স্থানীয় ৰাইজে লোকজনক ডকাইতৰ দলে লুট-পাত চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে কাৰণ লোকজনৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷

ডবকাত ডকাইতিৰ ঘটনা

ইফালে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে,মানিক উদ্দিন ডবকা 30 খন বিচনাযুক্ত চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক ড৹ ইচহাক আলীৰ ব্যক্তিগত চেম্বাৰৰ কৰ্মচাৰী ৷ সম্প্ৰতি ডবকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:যুৱতীক নিৰ্যাতনৰ চেষ্টা: কুঠৰীত দুই যুৱকক আটক

Last Updated : May 31, 2021, 2:28 PM IST

ABOUT THE AUTHOR

...view details