হোজাই, 12 ডিচেম্বৰ:লামডিঙত দেওবাৰে নিশা আৰক্ষীৰ গুলীচালনাত নিহত হয় তৰুণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ হত্যাকাৰী (Tarun Chakraborty murder case) ৷ আৰক্ষীৰ গুলীত ৰহস্যজনকভাৱে নিহত ভাড়াতীয়া হত্যাকাৰীটো বিহাৰৰ মোহন কুমাৰ (Bihar professional killer dead in Assam) বুলি জানিব পৰা গৈছে ৷ তৰুণ চক্ৰৱৰ্তীৰ গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত আছিল মোহন নামৰ ভাড়াতীয়াটো (Supari Killer killed in encounter)৷
উল্লেখ্য যে, 9 ডিচেম্বৰত লামডিঙত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা ৷ গুলীচালনাত নিহত হৈছিল তৰুণ চক্ৰৱৰ্তী নামৰ এজন ৰে’লৱে কৰ্মচাৰীজন ৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিত চুপাৰী কিলাৰৰ সহায়ত কৰ্মচাৰীজনক হত্যাৰ পৰিকল্পনা কৰা হৈছিল (Firing at Lumding)৷ উক্ত গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিছিল সাতজনকৈ অভিযুক্তক ৷
অভিযুক্তকেইটাৰ ভিতৰত আছিল ঘটনাৰ মাষ্টাৰ মাইণ্ড তথা লামডিঙৰ এজন ৰেল’ৱে কৰ্মচাৰী অনিল মালাকাৰ, তৰুণ চক্ৰৱৰ্তীৰ ভাই বোৱাৰী বুল্টি চক্ৰৱৰ্তী, বিহাৰৰ চাহেব ৰজক, মোহন কুমাৰ, পাণ্ডৱ কুমাৰ, দীপক বিশ্বাস আৰু অজয় বৰ্মন ৷ সোমবাৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই (Hojai SP Barun Purkayastha) এক সংবাদমেল আয়োজন (Press meet on Supari Killer encounter) কৰি ঘটনা সন্দৰ্ভত কয় যে, পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি পাৰিবাৰিক সংঘাত সংঘটিত হয় ৷
তাৰ পিচতেই সা-সম্পত্তিৰ বাবেই এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাৰ মাষ্টামাইণ্ড অনিল মালাকাৰে দুই লাখ টকাৰ বিনিময়ত বিহাৰৰ বেগুচৰাইৰ পৰা তিনিটা কুখ্যাত প্ৰফেছনেল কিলাৰক তৰুণ চক্ৰৱৰ্তীক হত্যা কৰিবলৈ লামডিঙলৈ আনিছিল ৷ সেই অনুযায়ী বিহাৰৰ চাহেব ৰজকে বিহাৰৰে ছুপাৰী কিলাৰ মোহন কুমাৰ আৰু মোহনৰ ভাতৃ পাণ্ডৱ কুমাৰক হত্যাৰ ঠিকা দিছিল ৷ ছুপাৰী কিলাৰ মোহন কুমাৰ আৰু পাণ্ডৱ কুমাৰে উক্ত ঘটনাৰ দুদিন আগৰ পৰাই তৰণ চক্ৰৱতীৰ গতি-বিধি লক্ষ্য কৰিছিল ৷