অসম

assam

ETV Bharat / state

ইণ্ডো-থাই ইণ্টাৰনেচনেল ফুটছাল ২০২২ ৰ বাবে বাছনি হোজাইৰ ছোনিয়া ৰংপিপী - এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতী

হোজাইৰ ছোনিয়া ৰংপিপীয়ে বেংককত আগন্তুক ৫ ৰ পৰা ৮ আগষ্টত হ’বলগীয়া ইণ্ডো -থাই ইণ্টাৰনেচনেল ফুটছাল কাপ-২০২২ প্ৰতিযোগিতাখনত (Indo-Thai International Futsal Championship 2022) ভাৰতীয় মহিলা ফুটছাল দলৰ বাবে বাছনি লাভ কৰিছে ।

Suniya Rongpipi of Hojai has been selected for the Indo-Thai International Futsal Championship 2022
হোজাইৰ ছোনিয়া ৰংপিপীয়ে লাভ কৰিলে ইণ্ডো-থাই ইণ্টাৰনেচনেল ফুটছাল ২০২২ ত বাছনি

By

Published : Jul 4, 2022, 4:46 PM IST

হোজাই, 4 জুলাই:দৰিদ্ৰতা কেতিয়াও প্ৰতিভাত হেঙাৰ হ’ব নোৱাৰে ৷ তাৰেই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে হোজাইৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীয়ে ৷ হোজাইৰ কঁঠালতলিৰ যুৱতী ছোনিয়া ৰংপিপীয়ে হোজাই জিলাখনৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে (Suniya Rongpipi selected for Indo-Thai International Futsal Championship) ।

হোজাইৰ ছোনিয়া ৰংপিপীয়ে লাভ কৰিলে ইণ্ডো-থাই ইণ্টাৰনেচনেল ফুটছাল ২০২২ ত বাছনি

বিদ্যাছিং ৰংপি আৰু মইনা ইংলেংপীৰ কন্যা ছোনিয়া ৰংপিপীয়ে বেংককত আগন্তুক ৫ ৰ পৰা ৮ আগষ্টত হ’বলগীয়া ইণ্ডো -থাই ইণ্টাৰনেচনেল ফুটছাল কাপ-২০২২ প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা ফুটছাল দলৰ বাবে বাছনি লাভ কৰিছে । উল্লেখ্য যে, সৰুৰে পৰা ছোনিয়াৰ ফুটছাল খেলৰ প্ৰতি আগ্ৰহ আছিল । নিজৰ গাঁও কঁঠালতলিতেই গাঁৱৰেই এজনৰ পৰা ছোনিয়াই সৰুৰে পৰা লৈছিল ফুটছাল খেলৰ প্ৰশিক্ষণ ।

ইফালে, ছোনিয়াই ইণ্ডো -থাই ইণ্টাৰনেচনেল ফুটছাল কাপত ভাৰতীয় মহিলা ফুটছাল দলৰ বাবে বাছনি লাভ কৰাত পৰিয়ালৰ লগতে ছোনিয়াও উৎফুল্লিত হৈ পৰিছে ৷ আনহাতে ছোনিয়াই ইণ্ডো-নেপাল ফুটছাল প্ৰতিযোগীতাতো নিজৰ পাৰদৰ্শিতা দেখুওৱাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ফুটছাল খেলি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:লাৰাৰ বিশ্ব অভিলেখ ভংগ কৰিলে বুমৰাহে

ABOUT THE AUTHOR

...view details