হোজাই, 8 এপ্ৰিল :হঠাৎ হোজাইস্থিত বদৰুদ্দিন আজমলৰ ঘৰত বুধবাৰে উপস্থিত হ'ল অসম বিধানসভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ৷ উপস্থিত হোৱা পাচতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে ৷
"এই বাৰৰ নিৰ্বাচনত মহাজোঁটৰ জয় নিশ্চিত ৷ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটে চৰকাৰ গঠন কৰিব ৷ 72 পৰা 75 খন আসন মহাজোঁটে লাভ কৰাতো 100 শতাংশই নিশ্চিত ৷ " এইদৰে কয় ৰকিবুল হুছেইনে ৷