অসম

assam

ETV Bharat / state

অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদেৰে উত্তাল হোজাই - অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ দাবী

হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC Exam) অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ ৷ প্ৰতিবাদত উত্তাল হোজাইৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰতিবাদৰ জৰিয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰোৱাৰ বাবে শিক্ষা বিভাগক(Education Department) দাবী জনায় প্ৰতিবাদী শিক্ষাৰ্থীসকলে ৷

students protest in hojai
মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

By

Published : Sep 15, 2021, 12:19 PM IST

হোজাই, 15 ছেপ্তেম্বৰ :এইবাৰ শিক্ষা বিভাগৰ(Education Department) বিৰুদ্ধে ক্ষোভ উজাৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC Exam) অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে ৷ হোজাইৰ ৰাজপথত মঙলবাৰে মেট্ৰিকত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

শংকৰদেৱ নগৰৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ । ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত আৱদ্ধ হৈ পৰে বহু কেইখন সৰু-বৰ গাড়ী । প্ৰায় দুঘণ্টা সময় ধৰি পথ অৱৰোধ কৰে শিক্ষাৰ্থীসকলে ৷

মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

আনকি প্ৰতিবাদস্থলীতে ঢলি পৰে এগৰাকী ছাত্ৰী ৷ চেবা হায় হায়, অসম চৰকাৰ হায় হয়, আমাক উত্তীৰ্ণ কৰাই দিয়ক, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদী শিক্ষাৰ্থীসকলে । হোজাই, লংকা, লামডিং অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদত অংশ লৈ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

চলিত বৰ্ষত মূল্যাংকন পদ্ধতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ(HSLC Exam) ফলাফল ঘোষণা কৰাৰ পাচৰ পৰাই ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ সদৃশ পৰিৱেশৰ ৷ পৰীক্ষাৰ ফলাফল আহিল ঠিকেই, কিন্তু উচ্চ শিক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে শিক্ষাৰ্থীসকলৰ মাজত ৷ ইফালে অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলেও উত্তীৰ্ণ কৰাৰ দাবীৰে চৰকাৰ কিম্বা শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৷

মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়ক:বেংকৰ সেৱা লাভৰ পৰা বঞ্চিত লক্ষাধিক জনতা

ABOUT THE AUTHOR

...view details