হোজাই, ২৬ আগষ্ট: ডবকা আৰক্ষীৰ অভিযানত উদ্ধাৰ হ'ল চুৰি হোৱা ডালমিয়া চিমেণ্ট কোম্পানীৰ চিমেণ্ট ভৰ্তি ট্ৰাক । গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে লাহৰিঘাটৰ এজন লোকৰ বাসগৃহৰ পৰা ট্ৰাকখন উদ্ধাৰ কৰে । জানিব পৰা মতে, কিছু দিন পূৰ্বে লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীয়ে ট্ৰাকখনেৰে ৮০০ বেগ চিমেণ্ট যোৰহাটলৈ প্ৰেৰণ কৰিছিল । কিন্তু কোম্পানী কৰ্তৃপক্ষৰ অভিযোগ মতে, ট্ৰাকখনৰ চালকে চিমেণ্ট ভৰ্তি ট্ৰাকখন যোৰহাটলৈ নিয়াৰ পৰিৱৰ্তে নগাঁৱৰ লাহৰিঘাটত বিক্ৰী কৰি দিয়ে ।
এই ঘটনা সন্দৰ্ভত লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীয়ে ডবকা আৰক্ষীক অভিযোগ দাখিল কৰে । উক্ত অভিযোগৰ ভিত্তিত ডবকা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । অৱশেষত গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি আৰক্ষীয়ে লাহৰিঘাটৰ এজন লোকৰ বাসগৃহত অভিযান চলাই চুৰি হোৱা ট্ৰাক খন আৰু ৭২৯ বেগ চিমেণ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, ডালমিয়া চিমেণ্ট কোম্পানীয়ে ট্ৰাকখনত ৮০০ বেগ চিমেণ্ট আছিল বুলি দাবী কৰিছে যদিও আৰক্ষীৰ অভিযানৰ সময়ত ৭২৯ বেগ চিমেণ্টহে উদ্ধাৰ হয় ।