হোজাই, 24 আগষ্ট : ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে হোজাই জিলাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ নখুটী বন বিভাগৰ তহলদাৰীত দেওবাৰে জব্দ কৰিবলৈ সক্ষম হৈছে চাইকেলৰে চোৰাং কাঠ সৰবৰাহ কৰা এজন লোকক ৷ বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দকৃত কাঠখিনিৰ বজাৰ মুল্য প্ৰায় 30 ৰ পৰা 40 হাজাৰ টকা ৷
আনহাতে, বন বিভাগে আটক কৰা লোকজনৰ পৰিচয় ৰহিবুল আহমেদ বুলি জানিব পৰা গৈছে ৷ বৰ্তমান ৰহিবুল আহমেদক নখুটি বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে আৰু অধিক তথ্যৰ বাবে ব্যক্তি গৰাকীৰ সোধ-পোছ অব্যাহত ৰাখিছে ৷ ইফালে, বিভাগীয় নীতি-নিয়ম অনুসৰি, আটকাধীন ৰহিবুলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নখুটী বন বিষয়াই জানিব দিয়ে ।