অসম

assam

ETV Bharat / state

হোজাইত সন্দেহজনক 6 গৰাকীক হোম কোৱাৰেন্টাইন

হোজাই জিলাত সন্দেহজনক 6 গৰাকী লোকক হোম কোৱাৰেন্টাইন কৰা হয় ৷ গুৱাহাটী আৰু শিলচৰৰ পৰা উভতি অহাৰ সন্দেহত ব্যক্তি কেইজনক কোৱাৰেন্টাইন কৰা হয় ৷ ইতিমধ্যে ব্যক্তি কেইজনৰ তেজৰ নমুনা সংগ্ৰহ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে পঠোৱা হৈছে ৷

By

Published : May 9, 2020, 6:38 PM IST

Six new patient home quraintine in hojai
হোজাইত সন্দেহজনকভাবে 6 গৰাকীক হোম কোৱাৰেন্টাইন

হোজাই, 9 মে' : শনিবাৰে হোজাই জিলাত গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আৰু শিলচৰৰ পৰা অহা ছয় গৰাকী লোকক সন্দেহজনক ভাবে হোম কোৱাৰেন্টাইন কৰা হয় ৷ লংকা-লামডিং ৰোডৰ পাঁচ নম্বৰ ৱাৰ্ডৰ নতুন বস্তিৰ এগৰাকী কৰ্কট ৰোগী আৰু তেওঁৰ পুত্ৰৰ লগতে, শংকৰদেৱ নগৰৰ আন এগৰাকী কৰ্কট ৰোগীক 6 মে'ত বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট পৰা অহাৰ বাবে কোৱাৰেন্টাইন কৰা হয় ৷

আনহাতে, লংকা নগৰৰ দুই নম্বৰ ৱাৰ্ডৰ সুকান্ত ৰোডৰ তিনিজন লোক শিলচৰৰ পৰা নিজৰ গাড়ীৰে আহি লংকা পোৱাৰ পাছত তেওঁলোকৰ ভ্ৰমণ তথ্য চাই হোম কোৱাৰেন্টাইন কৰা হৈছে ৷ লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা৹ ৰঞ্জু ৰাজখোৱাই জানিবলৈ দিয়া অনুসৰি, তেওঁলোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

হোজাইত সন্দেহজনকভাবে 6 গৰাকীক হোম কোৱাৰেন্টাইন

শেহতীয়াকৈ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত এগৰাকী কভিড-19ৰ ৰোগী ধৰা পৰাত বৰ্তমান হোজাই জিলাত আতংকৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : লক্ ডাউনঃ সময়ত পাটনালৈ যাব নোৱাৰিলে কাটি পেলাব লাগিব ভৰিখন !

ABOUT THE AUTHOR

...view details