হোজাই, 27 মে’: উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডবকাৰ টোলগেটত ৷ জানিব পৰা মতে, ফাষ্ট্ৰেকৰ পৰা কৰ সংগ্ৰহ কৰাৰ পাছতো এগৰাকী ডাম্পাৰ চালকক অতিৰিক্ত কৰ বিছাৰিছিল টোলগেট কৰ্মচাৰীয়ে। চালক গৰাকীয়ে এই অতিৰিক্ত কৰ দিবলা মান্তি নোহোৱাত টোলগেটৰ শ্বাহাব উদ্দিন নামৰ এজন কৰ্মচাৰীয়ে চালক গৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
বৰ্তমান আক্ৰমণকাৰী কৰ্মচাৰী গৰাকাৰীক বিচাৰি আৰক্ষীয়ে ঘৰে-ঘৰে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে । ইফালে, আৰক্ষীৰ আগমনৰ উমান পাই আগেয়েই পলায়ন কৰিলে আক্ৰমণকাৰী জনে ।
ডবকাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি - doboka
ডবকাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী ডাম্পাৰ চালকক টোলগেট কৰ্মচাৰীয়ে আক্ৰমণ কৰাৰ পিছত সংঘটিত হৈছে এই ঘটনা ।

ডবকাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি
আক্ৰমণকাৰী শ্বাহাব উদ্দিনে অতিৰিক্ত কৰ বিচাৰি চালকক আক্ৰমণ কৰাই নহয় টোলগেটত ফাষ্টটেগ বিক্ৰী কৰা যুৱকৰ ছাতি চোৰ কৰি লৈ যোৱাৰো সম্প্ৰতি অভিযোগ উঠিছে । জানিব পৰা মতে, সম্প্ৰতি শ্বাহাব উদ্দিন নামৰ টোলগেট কৰ্মচাৰী জনে পূৰ্বৰে পৰা নিজকে টোলগেটৰ ইনছাৰ্জ বুলি পৰিচয় দি পথচাৰীক আক্ৰমণ কৰাৰ আভিযোগো উত্থাপন হৈছে ।
লগতে পঢ়ক :মহামায়া বনাঞ্চলত বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ
Last Updated : May 27, 2021, 1:45 PM IST