অসম

assam

প্ৰশান্ত ফুকনক সকীয়নী শৃংখল চলিহাৰ

By

Published : Nov 16, 2020, 10:36 PM IST

সাংবাদিক হত্যা, মূল্যবৃদ্ধি আৰু শাসকীয় দলৰ শ্বৈৰচাৰিতাৰ বিৰুদ্ধে হোজাই জিলাৰ লংকাত ৰাইজক ঐক্যবদ্ধ হৈ য়ুঁজ দিয়াৰ আহ্বান জনায় ৰাইজৰ দলৰ আহ্বায়কগৰাকীয়ে ৷

sinkhol present at hojai
প্ৰশান্ত ফুকনক সকীয়নী শৃংখল চলিহাৰ

হোজাই, 16 নৱেম্বৰ : সোমবাৰে হোজাই জিলাৰ কাকীত উপস্থিত হয় ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক শৃংখল চলিহা । হোজাইত উপস্থিত হৈ চলিহাই ক্ষোভ প্ৰকাশ কৰি পৰাগ ভূঞাক ভেৰনীয়া গুণ্ডা লগাই হত্যা কৰাৰ অভিযোগ কৰে ৷ তেওঁ লগতে কয় যে, এই ঘটনাৰ বিৰুদ্ধে ৰাইজৰ দলে গণতান্ত্ৰিকভাবে যুঁজ দিব । শৃংখল চলিহাই ২০২১ত বিজেপি দলক শাসনৰ পৰা উফৰাই পেলোৱাৰো হুংকাৰ দিয়ে ।

প্ৰশান্ত ফুকনক সকীয়নী শৃংখল চলিহাৰ

সাংবাদিক হত্যা, মূল্যবৃদ্ধি আৰু শাসকীয় দলৰ শ্বৈৰচাৰিতাৰ বিৰুদ্ধে হোজাই জিলাৰ লংকাত ৰাইজক ঐক্যবদ্ধ হৈ য়ুঁজ দিয়াৰ আহ্বান জনায় ৰাইজৰ দলৰ আহ্বায়কগৰাকীয়ে ৷ তেওঁ বিধায়ক প্ৰশান্ত ফুকনৰ মূৰৰ বিকৃতি ঘটা বুলিও উল্লেখ কৰে । চলিহাই মন্ত্ৰীগৰাকীক টুলুঙা মন্তব্য দি অসমৰ ৰাইজক অপমান নকৰিবলৈ সকীয়াই দিয়ে ৷ অন্যথা ৰাইজৰ দলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব হুংকাৰ দিয়ে ।

লগতে পঢ়ক: প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কাকপথাৰৰ প্ৰেছ ক্লাবৰ

ABOUT THE AUTHOR

...view details