হোজাই, 17 অক্টোবৰ : হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকীৰ এখন পিছপৰা গাঁও । প্ৰায়বোৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে কাকীৰ ৰামপুৰ আদিবাসী গাঁওখনৰ ৰাইজ । ৰাস্তা ঘাট, বিশুদ্ধ খোৱা পানীকে ধৰি গাঁওখন অন্তহীন সমস্যাৰে জৰ্জৰিত । কেৱল নিৰ্বাচনৰ সময়তহে ভোট খুজিবলৈ গাঁওখনলৈ ৰাজনৈতিক নেতা, জনপ্ৰতিনিধি আহে তথা পৰৱৰ্তী সময়ত এই অঞ্চলৰ ৰাইজৰ সমস্যাৰ প্ৰতি এই সকলে পিঠি দিয়া বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷
এইবাৰ জনপ্ৰতিনিধি নহয়, কাতি বিহুৰ দিনা গাঁওখনত উপস্থিত হৈ ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে গাঁওবাসীৰ মাজত মাস্ক আৰু চেনীটাজাৰ বিতৰণ কৰে জনপ্রিয় শিল্পী জয় চক্ৰৱৰ্তী আৰু তেওঁৰ পত্নী বিৰিনা পাঠকে। চক্ৰৱৰ্তী দম্পত্তিয়ে গাঁওখনৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে আগন্তুক দিনতো অঞ্চলটোৰ ৰাইজৰ লগত থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
অন্তহীন সমস্যাৰে জৰ্জৰিত এখন গাঁও - kaki Rampur village
কেৱল নিৰ্বাচনৰ সময়তহে ভোট খুজিবলৈ গাঁওখনলৈ ৰাজনৈতিক নেতা, জনপ্ৰতিনিধি আহে তথা পৰৱৰ্তী সময়ত এই অঞ্চলৰ ৰাইজৰ সমস্যাৰ প্ৰতি এইসকলে পিঠি দিয়া বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷
![অন্তহীন সমস্যাৰে জৰ্জৰিত এখন গাঁও Singer Joy chakrabroty at kaki Rampur village,](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9212544-thumbnail-3x2-hojai.jpg)
অন্তহীন সমস্যাৰে জৰ্জৰিত এখন গাঁও
লগতে পঢ়ক: বৰপেটাত চাঞ্চল্যকৰ অপৰণকাণ্ড !