অসম

assam

ETV Bharat / state

বিজেপিত মূল্য নাই শিলাদিত্যৰ ! দলৰ পৰা কৰিব পদত্যাগ

দলৰ পৰা নহয়, অকলেই ৰাইজৰ হৈ কাম কৰি যোৱাৰ সিদ্ধান্ত লৈছে জেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৷ 14 জুলাইত পদত্যাগ পত্ৰ দাখিল কৰিব শিলাদিত্য দেৱে ৷

By

Published : Jul 12, 2020, 9:52 PM IST

দলৰ পৰা পদত্যাগ কৰিব শিলাদিত্যই
দলৰ পৰা পদত্যাগ কৰিব শিলাদিত্যই

হোজাই, 12 জুলাইঃ ভাৰতীয় জনতা পাৰ্টীৰ দলীয় একাংশ নেতাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে হোজাই সমষ্টিৰ বিধায়ক তথা জেষ্ঠ বিজেপি নেতা শিলাদিত্য দেৱ ৷

শিলাদিত্য দেৱে হোজাইত এক সংবাদমেল অনুষ্ঠিত কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ নিজেই দলত মূল্যহীন হৈ পৰাৰ কথা প্ৰকাশ কৰে ৷ অসম বিজেপিত নতুন নেতাৰ দপদপনি চলাৰ গুৰুতৰ অভিযোগ তুলি কয় যে, অনাগত 10 মান মানৰ ভিতৰত তেওঁৰ অস্তিত্ব নাইকীয়া কৰাৰ পূৰ্ণ চেষ্টা চলিছে ৷ সেয়ে তেওঁ নাইকীয়া হোৱাৰ পূৰ্বেই আত্মসন্মানৰ খাতিৰত স্ব-ইচ্ছাই দলৰ পৰা আঁতৰি যাব বুলি প্ৰকাশ কৰে ৷

দলৰ পৰা পদত্যাগ কৰিব শিলাদিত্যই

সেই অনুসৰি তেওঁ 14 জুলাইত দলৰ পৰা পদত্যাগ কৰিব বুলি জানিবলৈ দিয়ে ৷ লগতে তেওঁ জানিবলৈ দিয়ে যে, তেওঁ এতিয়া কোনো দলত যোগদান নকৰে ৷ সেয়ে তেওঁ অকলেই ৰাইজৰ উন্নতিৰ বাবে যুঁজি যাব বুলি প্ৰকাশ কৰে ৷

ইপিনে শিলাদিত্যই দলৰ পৰা পদত্যাগ কাৰ্যক "অৱসৰ" বুলি উল্লেখ কৰে ৷

দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰি বিজেপিৰ পৰা অৱসৰ লোৱাৰ কথা উল্লেখ কৰাৰ লগতে দলটোৰ বিৰুদ্ধে কৰিলে কেবাটাও বিস্ফোৰক মন্তব্য কৰে সততে বিতৰ্কত থকা বিধায়ক গৰাকীয়ে । তেওঁ বিজেপিত বহুকেইটা ফৈদ আছে বুলি উল্লেখ্য কৰে ৷ শিলাদিত্যৰ এই মন্তব্যই দলটোৰ ভিতৰ চ'ৰাত থকা ক্ষমতা কেন্দ্ৰীক বিসম্বাদৰ বিষয়ে উমান দিয়ে ৷

লগতে পঢ়কঃচিকিৎসকৰ ঘৰত হোম কোৱাৰেণ্টাইন ষ্টিকাৰ লগাবলৈ যোৱা আশা কৰ্মীক দুৰ্ব্যৱহাৰ

ABOUT THE AUTHOR

...view details