অসম

assam

বিজেপিত এঘৰীয়া হৈছে নেকি বিধায়ক শিলাদিত্য দেব !

শিলাদিত্য দেবৰ সংবাদমেল পাতি ক্ষোভ প্ৰকাশ ,আমাক যদি গুৰুত্বই নিদিয়ে আমি বিধায়ক হৈ থাকি কি কৰিম ৷

By

Published : May 15, 2020, 7:06 PM IST

Published : May 15, 2020, 7:06 PM IST

siladitya-press-meat-at-hojai
বিজেপিত এঘৰীয়া হৈছে নেকি বিধায়ক শিলাদিত্য দেব !

হোজাই15মেঃ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ণ বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে হোজাইত হোৱা বিভাগটোৰ পৰ্য্যালোচনা সভাত বিধায়ক শিলাদিত্যক সভালৈ নিমন্ত্ৰণ নকৰাকৈ লৈ ক্ষোভ প্ৰকাশ কৰে ৷শুক্ৰবাৰে সংবাদমেল আয়োজন কৰি কেত বোৰ বিস্ফোৰক মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ বৃহস্পতিবাৰে আবেলি হোজাই জিলাৰ সদৰ শংকৰদেব নগৰৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা জিলাখনৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ পৰ্যালোচনা সভালৈ হোজাইৰ বিধায়ক শিলাদিত্য তথা লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰক নিমন্ত্ৰণ নকৰাকৈ লৈ অসন্তুষ্টি প্ৰকাশ বিধায়ক শিলাদিত্যৰ ।

উল্লেখ যে,উক্তসভাত উপস্হিত আছিল বিভাগটোৰ মন্ত্ৰী নব কুমাৰ দলে । বিধায়ক শিলাদিত্য দেবৰ ভাষ্য অনুসৰি, ২০১৬ চনত স্বীকৃতি দিয়া নব নিৰ্মিত হোজাই জিলাৰ হোজাই সমষ্টিৰ দুটা ব্লক ক্ৰমে যোগীযান আৰু ধলপুখুৰী ব্লকত প্ৰথম অৱস্থাত আছিল বহু দূৰ্ণীতি । পিছত লাহে লাহে দূৰ্ণীতি মুক্ত কৰা হয় হোজাই জিলাৰ উন্নয়ন ব্লক সমূহৰ কোনো ভাল পদক্ষেপ ম‌ই দেখা পোৱা নাই ।এটাই উদ্দেশ্য প‌ইচা আহিব প‌ইচা লুণ্ঠন কৰিব লাগে ,কমিছন যৰ পৰা আহিব তাত দিব লাগে আৰু ইয়াত কোনো তদন্ত নহয় ।

বিজেপিত এঘৰীয়া হৈছে নেকি বিধায়ক শিলাদিত্য দেব !

তাৰ বাবে ম‌ই অসমৰ মন্ত্ৰী মহোদয়ক তিনি বছৰ ধৰি অনুৰোধ কৰি আছিলো যে মন্ত্ৰী মহোদয় আহক আৰু এখন পৰ্যালোচনাৰ বাবে এখন সভা দিয়ক । কিন্তু ১৪ মেত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ মন্ত্ৰী নৱ কুমাৰ দলে হোজাইৰ শংকৰদেব নগৰত উপস্থিত হৈ বিভাগটোৰ আঁচনীৰ ওপৰত পৰ্য্যালোচনা কৰে যদিও বিভাগৰ ফালৰ পৰা মোক কোনো ধৰণৰ জাননি দিয়া নাই বুলি শিলাদিত্য দেবে সংবাদমেলত সদৰি কৰে । ম‌ই নিজে মন্ত্ৰী মহোদয়ক ফোন কৰিছিলো যে ম‌ই উপস্থিত থাকিম নে নাই কিন্তু মন্ত্ৰী মহোদয়ে স্পষ্ট কৈ কোনো উত্তৰ নিদিলে । লগতে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰকো মতা নাছিল বুলি ম‌ই অৱগত হলো । হোজাই জিলাৰ অন্তৰ্গত প্ৰতিটো উন্নয়ণ ব্লকত দূৰ্ণীতি চলি আছে । এই বিষয়ে মুখ্য মন্ত্ৰীক অৱগত কৰাব বুলি উল্লেখ কৰে, যদি এনেদৰে হৈ থাকে আমাক যদি সভালৈ নামাতে আমি বিধায়ক হৈ থকাৰ কি লাভ বুলিও প্ৰশ্নৰ অবতাৰণা কৰে আমি অভিযোগ দিয়াৰ পিছতো যদি কোনো সমাধান নহয় আমি বিধায়ক হৈ থকাৰ কি দৰকাৰ বুলি কয় ৷

হোজাই জিলা পৰিষদ গঠন কৰা ক্ষেত্ৰটো আমাৰ লগত কোনো আলোচনা কৰা নাছিল ৷ সভাপতি বিজেপি আৰু উপ সভাপতি কংগ্ৰেছৰ সদস্যক লৈ কিয় বনোৱা হ'ল ।গুৱাহাটীৰ কোন সেইজন আহি তেওঁ এনেদৰে গঠন কৰিবলৈ নিৰ্দেশ দিলে । কোন হয় অসমৰ বিজেপি নেতা যি গুৱাহাটীত বহি বহি হোজাই জিলাত দূৰ্ণীতি কৰাই আছে ৷ আমি সকলো সময়ত ফাদিল কৰিম ম‌ই এতিয়া প্ৰতিবাদ কৰিম ।কাক আৰক্ষীৰ পৰা এৰিব লাগে ,কোন খন ট্ৰাক এৰাব লাগে সেইয়া গুৱাহাটীৰ পৰা ফোন কৰা ব্যক্তিজন কোন অতি সোনকালে আপোনালোকে গম পাব । তেওঁলোকে নিৰ্বাচনত কাক টিকট দিব পাৰিব ,কাক নোৱাৰিব সেইবোৰ কৰিব পাৰিব কিন্তু সংগঠনক কোনো প্ৰভাব পেলাব নোৱাৰে সংবাদমেলত সদৰি কৰে হোজাইৰ বিধায়ক জনে ৷



লগতে পঢ়কঃ পুনৰ দুসপ্তাহৰ বাবে লক ডাউন বৃদ্ধিৰ পোষকতা অসম চৰকাৰৰ : মুখ্যমন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details