অসম

assam

ETV Bharat / state

শিলাদিত্য দেৱক হোজাইবাসীৰ সম্বৰ্ধনা - বিকল্প NGO

অসম ভাষিক সংখ্যালঘু পৰিষদৰ অধ্যক্ষ পদ লাভ কৰা শিলাদিত্য দেৱক হোজাইত সম্বৰ্ধনা ৷ হোজাইৰ বিভূতিভূষণ গেষ্ট হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত সম্বৰ্ধনা কৰা হয় শিলাদিত্যা দেৱক ৷

felicitation-to-shiladitya-dev-of-hojai
শিলাদিত্য দেৱক হোজাইবাসীৰ সম্বৰ্ধনা

By

Published : Nov 15, 2021, 12:41 PM IST

হোজাই, 15 নৱেম্বৰ :হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱক প্ৰদান কৰা হৈছে অসম ভাষিক সংখ্যালঘু পৰিষদৰ অধ্যক্ষৰ পদ ৷ ইয়াৰ পিছতে দেওবাৰে হোজাইত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় শিলাদিত্য দেৱক ৷

শিলাদিত্য দেৱক হোজাইবাসীৰ সম্বৰ্ধনা

দেওবাৰে অনুস্থিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানত শিলাদিত্য দেৱক এক বিশাল বাইক ৰেলীৰে হোজাইলৈ আদৰি অনা হয় । তাৰ পিছত বিকল্প NGO ৰ উদ্যোগত হোজাইৰ বিভূতিভূষণ গেষ্ট হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত সম্বৰ্ধনা জনোৱা হয় অসম ভাষিক সংখ্যালঘু পৰিষদৰ নৱ-নিযুক্ত অধ্যক্ষ গৰাকীক ।

উক্ত সভাত উপস্থিত থাকে জিলাখনৰ বিভিন্ন সংগঠনৰ কৰ্মী, দলীয়কৰ্মী, বিভিন্ন জনগোষ্ঠীয় প্ৰতিনিধি, শুভাকাংশীৰ লগতে অজশ্ৰ গুণমুগ্ধ । সভাখনত ভাষণ প্ৰদান কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্তু বিশ্ব শৰ্মাই তেওঁক এই দায়িত্ব অৰ্পণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক :উৰিয়ামঘাটত "Dust pollution" : ব্যতিব্যস্ত জনজীৱন

ABOUT THE AUTHOR

...view details