হোজাই,23 মেঃ শুক্ৰবাৰে হোজাইৰ কেইবাখনো কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে বিধায়ক শিলাদিত্য দেৱে । ইয়াৰ উপৰিও চেন্নাইৰ পৰা ৰে'লযোগে হোজাইলৈ অহা 14 গৰাকীকৈ যাত্ৰীৰ সৈতে মত বিনিময় কৰে বিধায়কগৰাকীয়ে । যাত্ৰীসকলৰ হাতত কোৱাৰেন্টাইন কেন্দ্ৰৰ বিশেষ ষ্টাম্প মৰা নোপোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । বাহিৰৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত প্ৰশাসন আৰু অধিক কঠোৰ হ'ব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক শিলাদিত্য দেৱে ।
ইয়াৰ উপৰিও বহিঃৰাজ্যৰ পৰা লোকসকল উভটি অহাৰ লগে লগে হোজাইত কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি শংকা প্ৰকাশ কৰি ডবকা আৰু যমুনামুখৰ মানুহ আনি হোজাইত ৰাখিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । তেখেতে কয় যে, আজিলৈকে মহ মাৰিব নোৱাৰা মানৱ জাতিয়ে ভাইৰাছ কেনেকৈ মাৰিব, সেয়েহে আমি ভাইৰাছটোৰ সৈতে থাকিবলৈ শিকিব পাৰিব লাগিব ।