অসম

assam

ETV Bharat / state

মুম্বাইৰ পৰা অহা শ্ৰমিক ৰেলত খাদ্যৰ বাবে হাহাকাৰ যাত্ৰীৰ - Shramik train passangers demand food

বহিঃৰাজ্যৰ পৰা অসমলৈ আহি থকা শ্ৰমিক ৰেলত খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিৰ সৃষ্টি ৷ নিশা 8 বজালৈকে খাবলৈ নিদিয়াৰ অভিযোগ যাত্ৰীসকলৰ ৷

TRAIN  FOOD CRISIS
শ্ৰমীক ৰেলত খাদ্যৰ বাবে হাহাকাৰ

By

Published : May 25, 2020, 10:25 AM IST

হোজাই,25মেঃ বহি:ৰাজ্য মুম্বাইৰ পৰা শ্ৰমিক ৰেলত আহি থকা লোকৰ মাজত খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ লক ডাউনৰ পূৰ্বে বহি:ৰাজ্যত আবদ্ধ হৈ থকা লোকক প্ৰতিদিনেই ৰেলৰ জৰিয়তে আনি থকা হৈছে অসমলৈ ৷ দেওবাৰে নিশা মুম্বাইৰ পৰা ৰেলৰ জৰিয়তে অসমৰ দিশে আহি থকা শ্ৰমিক ৰেলখনত খাদ্যৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ৷

শ্ৰমীক ৰেলত খাদ্যৰ বাবে হাহাকাৰ

কিছু লোক খাদ্যৰ অভাৱত শাৰীৰিক অসুস্থতাটো ভুগিব লগা হৈছে ৷ ইপিনে যোৱা নিশা ৮ বজাৰ পৰা বৰ্তমানলৈকৈ খাবলৈ পোৱা নাই ৰেলৰ যাত্ৰীসকলে ৷ উক্ত ৰেলখনত অসমৰ বিভিন্ন জিলাৰ লোক থকাৰ লগতে আছে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লোকো আছিল ৷ এফালে ৰমজান মাহৰ ৰোজা আৰু আনফালে এনেদৰে ৰেলত খাবলৈ নোপোৱাত সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ' পঠাই চৰকাৰৰ পৰা সহায় বিচাৰিছে ৰেলৰ যাত্ৰীসকলে ৷


লগতে পঢ়কঃ সুদূৰ বিহাৰৰ পৰা থেলা-ৰিক্সাত অসম পালেহি এটা পৰিয়াল

ABOUT THE AUTHOR

...view details