অসম

assam

ETV Bharat / state

৬ বজাতে তলা ওলমে হোজাইৰ ব্যৱসায়িক প্ৰতিষ্ঠানত - during covid sitution shops are close at hojai

হোজাই জিলাত ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস তথা ৰোধৰ বাবে হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কিছু বিশেষ ব্যৱস্থা ৷ হোজাই জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি সন্ধিয়া ৬ বজাৰ লগে লগে হোজাই জিলাত বন্ধ হৈ পৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ৷

৬বজাৰ লগে লগে হোজাইত তলা ওলমে ব্যৱসায় প্ৰতিষ্ঠানত
৬বজাৰ লগে লগে হোজাইত তলা ওলমে ব্যৱসায় প্ৰতিষ্ঠানত

By

Published : Apr 23, 2021, 10:49 AM IST

হোজাই, 23 এপ্ৰিল: কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে ৰাজ্যত সৃষ্টি কৰিছে ত্ৰাসৰ ৷ ৰাজ্যত প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ হোজাই জিলাটো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা ৷

৬ বজাৰ লগে লগে হোজাইত তলা ওলমে ব্যৱসায় প্ৰতিষ্ঠানত

হোজাই জিলাত ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস তথা ৰোধৰ বাবে হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কিছু বিশেষ ব্যৱস্থা ৷ হোজাই জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি সন্ধিয়া ৬ বজাৰ লগে লগে হোজাই জিলাত বন্ধ হৈ পৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ৷

কেৱল হোজাইতে নহয় লংকা আৰু লামডিং পৌৰ সভাৰ অঞ্চলসমূহতো চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে ৷ কেৱল ব্যৱসায়ী সকলেই নহয় সৰ্বসাধাৰণ ৰাইজেও চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই হোজাই তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ক’ভিড-১৯ ৰ সকলো নীতি-নিৰ্দেশনা পালন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:ধোৱাচাঙত পাথাৰকান্দি চিকিৎসালয়ত সামাজিক দূৰত্ব

ABOUT THE AUTHOR

...view details