হোজাই, 13 অক্টোবৰ :লামডিং বনাঞ্চলৰ বেদখলকাৰীৰ বিৰুদ্ধে CID ৰ তদন্তৰ দাবী তুলিছে প্ৰাক্তন হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ৷ তেওঁ কয়, লামডিং বনাঞ্চলৰ উচ্ছেদৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়লয়ে যি নিৰ্দেশনা দিছে সেইয়া নিৰ্দেশনা অসমৰ যিকোনো প্ৰান্তৰ বেদখলকৰা অঞ্চলসমূহত প্ৰয়োগ হ'ব পাৰে ৷ কিন্তু বেদখলকাৰী সম্পৰ্কত এটা CID তদন্তও হ'ব লাগে ৷
শিলাদিত্য দেৱে প্ৰশ্ন উত্থাপন কৰে যে, বনাঞ্চল সমূহৰ ভূমি বেদখল কৰিবলৈ কেনেকৈ মানুহবোৰ আহে ? কোনে আনে তেওঁলোকক ? মানহবোৰৰ পূৰ্বৰ পৰিচয় কি ? এই ক্ষেত্ৰত CID ৰ তদন্তৰ প্ৰয়োজন আছে বুলি মন্তব্য প্ৰকাশ কৰে শিলাদিত্যই ৷
ইফালে, নজৰুল নামৰ এগৰাকী লোকৰ নাম উল্লেখ কৰি শিলাদিত্যই কয়, নজৰুল সাধাৰণ মানুহ নহয়, তেওঁ এটা ডাঙৰ অপৰাধী । পূৰ্বে বহু বছৰ ধৰি কাশ্মিৰত আছিল নজৰুল ৷ তেওঁ ইমান বছৰ ধৰি কাশ্মিৰত কি কৰিছিল আৰু কিয় আছিল বুলি প্ৰশ্ন উত্থাপন কৰে শিলাদিত্য দেৱে ৷
লগতে পঢ়ক :BTR POLITICS : হঠাৎ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা হাগ্ৰামাৰ