অসম

assam

ETV Bharat / state

টিকটৰ নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ ধন সংগ্ৰহ: শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া - Shiladitya Dev on raising money by bjp district level leader

হোজাই জিলাৰ লংকা পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীক টিকট দিয়া নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাই ধন সংগ্ৰহ কৰাৰ ওক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল(Raising money by BJP district-level leader) ৷ বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী অভিজিৎ দেৱে উত্থাপন কৰিছিল এই অভিযোগ ৷ ইয়াৰ পাছতেই বিভিন্ন সংংবাদ মাধ্যম আৰু ৱেব পৰ্টেলত প্ৰকাশ পায় এই তথ্য ৷

Shiladitya Dev Gave His Reaction over money laundering
শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া

By

Published : Feb 19, 2022, 3:43 PM IST

হোজাই, 19 ফেব্ৰুৱাৰী :হোজাই জিলাৰ লংকা পৌৰসভা নিৰ্বাচনত 2022(Assam Municipal Election 2022) প্ৰাৰ্থীক টিকট দিয়া নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ তাৎপৰ্যপূৰ্ণভাৱে এই অভিযোগ আনিছিল ভাৰতীয় জনতা পাৰ্টিৰ টিকটৰ পৰা বঞ্চিত প্ৰাৰ্থী অভিজিৎ দেৱে । ৰাজ্যৰ কেইবাখনো আগশাৰী বাতৰি কাকতৰ লগতে কেইবাটাও টিভি চেনেল আৰু ৱেব পৰ্টেলত প্ৰকাশ পাইছিল উক্ত বাতৰিটো ।

হোজাইৰ প্ৰাক্তন বিধায়ক তথা ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ শিলাদিত্য দেৱে উক্ত ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Shiladitya Dev on raising money) ৷ ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ গৰাকীয়ে যদিহে ধন লোৱা অভিযোগ আহিছে, তেন্তে ই এক চিন্তনীয় বিষয় বুলি উল্লেখ কৰে ৷ তেওঁ পূৰ্বেও এনে অভিযোগ আহিছিল বুলি মন্তব্য কৰি দলে এই ক্ষেত্ৰত বিচাৰ কৰি চাব বুলি জানিবলৈ দিয়ে ।

শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া

আনহাতে মুখ্যমন্ত্ৰীৰ কথাত কথা মিলাই শিলাদিত্যই কয় যে, পৌৰসভাই হওক বা পঞ্চায়তেই হওক ভাল মানুহ জিকি আহিব লাগে । ভাল মানুহক টিকট দিব লাগে । তেওঁ লগতে কয় যে, এইটোৱে চাগে অন্তিম নিৰ্বাচন যিটো নিৰ্বাচনত দলৰ প্ৰতীক চিহ্নিত খেলা হ’ব । আগন্তুক পাঁচ বছৰৰ পিছত এই পদ্ধতিটো সলনি হ’ব । কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে এই মন্তব্য কৰিছে ।

প্ৰাক্তন বিধায়কগৰাকীয়ে লগতে কয় যে, পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰাজনৈতিক দল হ’ল বিজেপি দল (Big political party BJP party) । ডাঙৰ দল হিচাপে আমাৰ কৰ্মকৰ্তাও বহুত । কাৰ্যকৰ্তাসকলে পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচনতেই খেলিবলৈ সুবিধা পায় ৷ তাতো যদি বাধা দিয়া হয় তেতিয়া হ’লে বহু কৰ্মীয়ে দুখ পায় ।

লগতে পঢ়ক :আমছুৱে বাংলাদেশী মুছলমানৰ হৈ কাম কৰে: শিলাদিত্য দেৱ

ABOUT THE AUTHOR

...view details