অসম

assam

ETV Bharat / state

পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত শিলাদিত্য দেৱৰ - অসম বিধানসভা নিৰ্বাচন

সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ বৃহস্পতিবাৰে পত্নীৰ সৈতে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৷ সমষ্টিটোৰ লংকাৰ চিষ্টাৰ নিবেদিতা ছোৱালী হাইস্কুলত ভোটদান কৰিলে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

লংকাত পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে শিলাদিত্য দেৱে
লংকাত পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে শিলাদিত্য দেৱে

By

Published : Apr 1, 2021, 6:11 PM IST

হোজাই,1 এপ্ৰিল: সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ বৃহস্পতিবাৰে পত্নীৰ সৈতে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৷ সমষ্টিটোৰ লংকাৰ চিষ্টাৰ নিবেদিতা ছোৱালী হাইস্কুলত ভোটদান কৰিলে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

ভোটদান কৰিয়ে সাংবাদিকৰ আগত মন্তব্য কৰি শিলাদিত্যই কয়, হোজাইত বিজেপিৰ ষ্টাৰ কেম্পেনাৰৰ নিৰ্বাচনী সভাৰ কোনো প্ৰয়োজনে নাছিল ৷ জিলা সভাপতিয়ে লামডিং আৰু যমুনামুখত যোৱাটোহে প্ৰয়োজন আছিল ৷ সমষ্টিটোত এনেও বিজেপি জয়ী হ'ব গতিকে মই প্ৰচাৰ চলোৱাৰ প্ৰশ্নই নাই ৷

ইফালে, শিলাদিত্যক আক্ৰমণ কৰিবলৈ অপচেষ্টা চলোৱা ঘটনাটো জিলা সভাপতি অনুপ দেৱে নাটক আখ্যা দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, জিলা সভাপতিয়ে নাটক বুলি কৈছে যেতিয়া নাটক হ'বও পাৰে, কাৰণ জিলাখনত জিলা সভাপতিতকৈ ডাঙৰ কোনো নহয় ৷

লগতে পঢ়ক:লামডিং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰৰ ভোট দান

ABOUT THE AUTHOR

...view details