হোজাই, 25 জুলাই : হোজাই জিলাৰ কাকীত, কাকী শংকৰী সংগীত বিদ্যালয়ৰ উদ্যোগত 10 দিনীয়া শংকৰী সংস্কৃতি আৰু বিহু নৃত্যৰ প্ৰশিক্ষণৰ আয়োজন কৰা হয় (Shankari Culture workshop held in Hojai)। চলিত মাহৰ 18 তাৰিখৰ পৰা আৰম্ভ হোৱা এই শংকৰী কলা-সংস্কৃতিৰ প্ৰক্ষিক্ষণৰ কৰ্মশালা অন্ত পৰিব অহা 28 তাৰিখে ৷
এই প্ৰশিক্ষণ কৰ্মশালাত বোকাখাত আৰু মৰিগাঁও জিলাৰ পৰা দুজন প্ৰশিক্ষকৰ লগতে কাকীৰ শংকৰী সংগীত বিদ্যালয়ৰ শিক্ষকেও ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দি আহিছে ৷ উল্লেখ্য যে, গৰম বন্ধৰ কালছোৱাত শিক্ষাৰ্থীসকল যিহেতু ঘৰতেই থাকে, সেয়েহে কাকীত শংকৰী সংগীত বিদ্যালয়ে লৈছে এই বিশেষ প্ৰচেষ্টা ৷