হোজাই, 23 অক্টোবৰ:পুনৰ ৰাজ্যিক বিজেপিত দেখা গৈছে খাম-খেয়ালি ৷ ন বিজেপিয়ে উপেক্ষিত কৰা পৰিলক্ষিত হ’ল হোজাইৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা শিলাদিত্য দেৱ । ইয়াৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত বিজেপিত সঁচাকৈয়ে জ্যেষ্ঠ বিজেপি নেতা এলাগী হৈ পৰিছে নেকি প্ৰশ্ন উত্থাপন হৈছে ৷
দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে হোজাই জিলাত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । এই অনুষ্ঠানতে উপেক্ষিত হোৱা বুলি খেদ প্ৰকাশ কৰে হোজাইৰ প্ৰাক্তন বিধায়ক তথা ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ শিলাদিত্য দেৱ । দেওবাৰে আগবেলা হোজাই জিলাৰ লামডিঙত উপস্থিত হৈ আবেলি হোজাই চহৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিখনকৈ পূজা মণ্ডপত অংশ লৈ মাৰ আশীষ লয় ।
হোজাই বিহুতলীত মুখ্যমন্ত্ৰীৰ হেলিকপ্তাৰ অৱতৰণৰ বাবে অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছিল । মুখ্যমন্ত্ৰীক হেলিপেডতে আদৰাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াক প্ৰদান কৰা হৈছিল বিজেপি নেতা আৰু চৰকাৰী বিষয়াৰ নামৰ তালিকা । তাৎপৰ্যপূৰ্ণভাৱে, সেই তালিকাত নামেই নাছিল প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ নাম ।