হোজাই,9 মাৰ্চ: হোজাইৰ কঁপিলী ভেলী ৰেঞ্জৰ মইনাপুৰ বন শিবিৰ কাৰ্যালয়ৰ অন্তৰ্গত মইনাপুৰ বনাঞ্চলত উদ্ধাৰ বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ ৷ হাতীৰ মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধই ছানি ধৰাত হে পোহৰলৈ আহে প্ৰকৃত ছবি ৷ কিছুদিনৰপৰা অঞ্চলটোত এক দুৰ্গন্ধ বিয়পি পৰিছিল যদিও ইয়াৰ ৰহস্য কোনোৱে উদঘাটন কৰিব পৰা নাছিল ৷ মঙলবাৰে পুৱা স্থানীয় লোকে জংঘললৈ যোৱাত হে প্ৰকৃত ৰহস্য ওলাই পৰে ৷ সম্প্ৰতি দুৰ্গন্ধৰ বাবেই বনাঞ্চলৰ দাঁতিকাষৰীয়া লোক সকল সমস্যাত পৰিছে ৷
হোজাইত বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ - মইনাপুৰ বন শিবিৰ
হোজাইত বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। মৃত হাতীৰ পৰা নিৰ্গত হোৱা দুগন্ধই প্ৰদূষিত হৈছে বায়ুমণ্ডল। হাতীটো সমাধিস্থ কৰাৰ বাবে হোজাইৰ বন বিভাগে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজে।
হোজাইত বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
স্থানীয় লোকে বন বিভাগক খবৰ দিছে যদিও বৰ্তমানলৈকে ঘটনাস্থলীত বন বিভাগৰ এজনো কৰ্মচাৰী উপস্থিত হোৱা নাই ৷ মৃত হাতীটো সমাধিস্থ কৰাৰ বাবে হোজাইৰ ডিএফঅ' গুনজিত দাসে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ইপিনে বনৰীয়া হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনাটো বন বিভাগে গাপ দিবলৈ অপচেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক:ৰাজ্যত পুনৰ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনা