হোজাই , 23 মে': হোজাই জিলা লস্কৰ ভালুকমাৰী সমবায় সমিতিৰ অন্তৰ্গত 7 নং ৱাৰ্ডৰ ডাবলং অঞ্চলত চৰকাৰী চাউল বিতৰণত ব্যাপক খেলিমেলি অভিযোগ ৷ সুলভ মূল্য দোকানৰ স্বত্ত্বাধিকাৰী চুফীয়া বেগমে লক ডাউনৰ সময়ছোৱাত ৰেচন কাৰ্ডৰ চাউল হিতাধিকাৰীক বিতৰণ নকৰি নিজে অত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঘটনা সন্দৰ্ভত প্ৰশাসনৰ তৰফৰ পৰা উচিত তদন্তৰ দাবী জনাইছে অভিযোগ কাৰী ৰাইজে ৷
লংকা ডাবলং অঞ্চলত চৰকাৰী চাউল বিতৰণত কেলেংকাৰীৰ অভিযোগ - Scam allegations against rice distributor at Lanka
সুলভ মূল্য দোকানৰ স্বত্ত্বাধিকাৰী চুফীয়া বেগমে লক ডাউনৰ সময়ছোৱাত ৰেচন কাৰ্ডৰ চাউল হিতাধিকাৰীক বিতৰণ নকৰি নিজে অত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

উল্লেখ্য যে, লক ডাউনৰ সময়ছোৱাত সহায় হোৱাকৈ চৰকাৰে প্ৰতিটো দুখীয়া পৰিয়াললৈ সমবায় সমিতিৰ জৰিয়তে আগবঢ়াইছে চাউল ৷ কিন্তু লংকা ডাবলং অঞ্চলত থকা এই সুলভ মূল্যৰ সত্ত্বাধিকাৰী গৰাকীয়ে চৰকাৰী কাৰ্ডৰ চাউল আৰু চৰকাৰী ভাবে দিয়া অনুদানৰ চাউলৰ এটা অংশ মুষ্টিমেয় কেইজনমান লোকক বিলাই যদিও গাঁও খনৰ প্ৰায় 100 টা পৰিয়ালৰ চাউল আত্মসাৎ কৰাৰ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখযোগ্য যে, উক্ত সুলভ মূল্যৰ দোকান খনৰ স্বত্ত্বাধিকাৰী চুফীয়া বেগমৰ স্বামী সেই একে গাঁওৰে এজন চৰকাৰী গাওঁবুঢ়া ৷ যাৰ বাবে অভিযোগকাৰী ৰাইজৰ কোনো কথাতে চুফীয়া বেগমে কাণসাৰ নিদিয়াৰ অভযোগ ৰাইজৰ ৷
লগতে পঢ়কঃ পুনৰ সলনি ৰাজ্যিক কৰ্মচাৰীৰ কামৰ প্ৰক্ৰিয়া