অসম

assam

ETV Bharat / state

হোজাইৰ মৌৰাঝাৰ ষ্টেট বেংক শাখাত সংঘটিত কোটিটকীয়া কেলেংকাৰী - কেলেংকাৰী

নতুনকৈ আৰক্ষীৰ জালত পৰিছে বেংকটোৰ প্ৰাক্তন গাণনিক বিষয়া প্ৰদীপ কুমাৰ মিথি ৷ ইতিমধ্যে অভিযুক্ত গাণনিক বিষয়া গৰাকীক আটক কৰিছে মৌৰাঝাৰ আৰক্ষীয়ে ৷

হোজাইৰ মৌৰাঝাৰ ষ্টেট বেংক শাখাত সংঘটিত কোটিটকীয়া কেলেংকাৰী

By

Published : Jul 30, 2019, 4:38 AM IST

হোজাইৰ মৌৰাঝাৰ ষ্টেট বেংক শাখাত সংঘটিত কোটিটকীয়া কেলেংকাৰী

হোজাই, 30 জুলাই: হোজাইৰ মৌৰাঝাৰ ষ্টেট বেংকত সংঘটিত কোটিটকীয়া কেলেংকাৰী ৷ হোজাইৰ মৌৰাঝাৰ ষ্টেট বেংক শাখাত বিগত দুবছৰত কৃষি ঋণ প্ৰদানৰ নামত সংঘটিত হৈছে ৩৩ কোটিতকৈও অধিক টকাৰ কেলেংকাৰী ৷ উক্ত বৃহৎ কেলেংকাৰীৰ অভিযোগত হোজাই প্ৰশাসনে প্ৰাক্তন বেংক বিষয়া দেৱজিৎ তালুকদাৰ, চিবিৰ আহমেদ, প্ৰদীপ নমঃশূদ্ৰ আৰু আন এজন অভিযুক্তক আটক কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ ৷ আনহাতে নতুনকৈ আৰক্ষীৰ জালত পৰিছে বেংকটোৰ প্ৰাক্তন গাণনিক বিষয়া প্ৰদীপ কুমাৰ মিথি ৷ ইতিমধ্যে অভিযুক্ত গাণনিক বিষয়া গৰাকীক আটক কৰিছে মৌৰাঝাৰ আৰক্ষীয়ে ৷

উল্লেখ যে, বেংকৰ গ্ৰাহকক কৃষি ঋণ প্ৰদানৰ নামত মৃত ব্যক্তিৰ নামত ভূৱা একাউন্ট খুলি আৰু গ্ৰাহকে নজনাকৈ ৩৩ কোটিতকৈও অধিক টকা আত্মসাৎ কৰিছিল ১৮ জনীয়া এটা বৃহত চক্ৰই ৷ হোজাই প্ৰশাসনে ইতিমধ্যেই বেংটোৰ কৃষি ঋণৰ কেলেংকাৰী সন্দৰ্ভত ৩৯২/১৮,৩৯৪/১৮,২৯৩/১৯ সহ মৌৰাঝাৰ আৰক্ষী থানাত ৭টাকৈ গোচৰ পঞ্জীয়ণ কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷ এই বৃহৎ কেলেংকাৰীৰ আওতাত আৰু বহুটো লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

...view details