হোজাই,15 জানুৱাৰী :হোজাই জিলা লংকা আৰক্ষী থানাত শুকুৰবাৰে সন্ধিয়া তিব্ৰ উত্তেজনাৰ সৃষ্টি হয় । হোজাইত সাধাৰণ ৰাইজৰ পহু খেদা খোৱাৰ পিচতে সিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই হোজাই জিলাত এক এজাহাৰ দাখিল কৰিছিল ৷
হোজাই আৰক্ষীয়ে সিন্দুত্ববাদী নেতা বৰাৰ এজাহাৰ গ্ৰহণ নকৰাত হোজাই আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়ে ফোন যোগে ধমকি দিয়াৰ অভিযোগ তুলিছিল নেতাগৰাকীয়ে ৷ ইয়াৰ পিচতে অভিযোগৰ ভিত্তিত অধিক্ষক গৰাকীৰ ধমকি দিয়াৰ কাৰ্যত সৰৱ হৈ হোজাই থানাৰ সন্মুখত আমৰণ অনশনত বহাৰ হুংকাৰ দিয়ে সিন্দুত্ববাদী নেতা বৰাই ৷