হোজাই, 6 অক্টোবৰ: নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে তেওঁলোকৰ মাজত সত্ৰীয়া কলা সংস্কৃতিৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰাৰ প্ৰয়াসেৰে হোজাই জিলাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই ১০০০ গৰাকী খোলবাদক বায়ন গঢ়াৰ লক্ষ্য লৈছে ৷ ইয়াৰোপৰি প্ৰতিখন গাঁৱতে কমেও এযোৰ গাণিকা যোৰা প্ৰস্তুত কৰাৰো লক্ষ্য লৈছে তেওঁলোকে ৷
হোজাইত সত্ৰীয়া সংস্কৃতি বিষয়ক কৰ্মশালা - শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ
সত্ৰীয়া কলা সংস্কৃতিৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰাৰ প্ৰয়াসেৰে হোজাই জিলাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই জিলা খনৰ ভিন্ন প্ৰান্তত আয়োজন কৰিছে কৰ্মশালা ৷

সত্ৰীয়া সংস্কৃতি বিষয়ক কৰ্মশালা
হোজাইত সত্ৰীয়া সংস্কৃতি বিষয়ক কৰ্মশালা
ইয়াৰ অংশ স্বৰূপে সাংস্কৃতিক অনুষ্ঠানটোৱে জিলাখনৰ গাঁৱে-ভূঁৱে অনুষ্ঠিত কৰিছে সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ কৰ্মশালা ৷ সম্পূৰ্ণ COVID প্ৰট'কলৰ মাজেৰে অনুষ্ঠানটোৱে আয়োজিত কৰিছে কৰ্মশালাখন ৷ অভিভাৱক আৰু প্ৰশিক্ষাৰ্থীৰ উৎসাহ আৰু সহযোগিতাত ইতিমধ্যে সফলতা লাভ কৰিছে তেওঁলোকৰ পদক্ষেপে ৷
লগতে পঢ়ক:মাছ,গাহৰি পালনেৰে স্বাৱলম্বীতাৰ পথ বাচি লোৱা এটা আত্নসহায়ক গোট