হোজাই, 5 মে':লক্ ডাউনত খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দৰিদ্ৰ লোকসকলৰ মাজত ১০০০ টকাৰ এককালীন আৰ্থিক সাহায্যৰ লগতে খাদ্য সুৰক্ষা আঁচনিৰ যোগেদি বিতৰণ কৰিছে বিনামূলীয়া চাউল । কিন্তু তেনে সময়তে ৰাইজৰ মাজত বিতৰণ কৰিবলৈ অহা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণত ব্যাপক আসোঁৱাহ, খেলিমেলি, আৰু ৰাজনীতিকৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি ছাৰ্থে ক্ৰামচাই ।
সাহায্য বিতৰণত ৰাজনীতিকৰণৰ অভিযোগ - লক্ ডাউন
দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰা সাহায্যৰ নামত ব্যাপক কেলেংকাৰী আৰু ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি ছাৰ্থে ক্ৰামচাৰ ।
sarthe kramsa grievance against govt.
ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়াল তথা হিতাধিকাৰীসকলৰ চলিত মে' মাহত প্ৰাপ্য চাউল কৰ্তন কৰাৰো পৰিকল্পনা কৰা বুলি ক্ৰামচাই অভিযোগ তোলাৰ লগতে, সমবায় সমিতিৰ অধীনত থকা ডীলাৰসকলক অধিকাৰৰ পৰা বঞ্চিত কৰা বুলি শাসকীয় পক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়কঃমোৰ স্বামী সেনাৰ পোচাক পৰিধান কৰাৰ যোগ্য : পল্লবী শৰ্মা