হোজাই, 12 জুনঃ হোজাইৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতত ৰুবি পণ্ডিত হত্যাকাণ্ডৰ তিনি অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ঘোষণা ৷ শ্যামলী বিশ্বাস, মণি মজুমদাৰ আৰু মোহন বিশ্বাস নামৰ তিনি অভিযুক্তৰ বিৰুদ্ধে ৰুবি পণ্ডিতৰ স্বামীয়ে ভাৰতীয় দণ্ডবিধিৰ 448/302/34 ধাৰাৰ অধীনত 450/14 নম্বৰত ৰুজু কৰা গোচৰৰ ভিত্তিত আটক কৰা হৈছিল তিনি অভিযুক্তক ৷ হোজাইৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতত গোচৰৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সম্পূৰ্ণ 5 বছৰৰ অন্তত বুধবাৰে আদালতে চূড়ান্ত ৰায়দান প্ৰদান কৰি তিনি হত্যাকাৰীক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে প্ৰতি গৰাকীক ২০ হাজাৰ টকাকৈ জৰিমনা বিহে ৷
এটা কণীৰ বাবেই এগৰাকীক হত্যাঃ দোষীক যাৱজ্জীৱন কাৰাদণ্ড - মোহন বিশ্বাস
সম্পূৰ্ণ পাঁচবছৰৰ অন্তত ৰুবি পণ্ডিত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান ৷ তিনি অভিযুক্ত শ্যামলী বিশ্বাস, মণি মজুমদাৰ আৰু মোহন বিশ্বাসক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমনা বিহে হোজাইৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতে৷
উল্লেখ্য যে, 2014 চনৰ 18 আগষ্টত হোজাই থানাৰ অন্তৰ্গত ৰাধানগৰ গাঁৱত সংঘটিত হৈছিল এক অমানৱীয় ঘটনা ৷ প্ৰতিবেশীৰ কুকুৰাই পিয়ুষ পণ্ডিত নামৰ লোকজনৰ বাৰীত পাৰিছিল এটা কণী । সেই কণী চুৰি কৰি নিয়াৰ সময়তে পিয়ুষ পণ্ডিতৰ পত্নী ৰুবি পণ্ডিতে কণী সহ এগৰাকী মহিলাক ধৰা পেলোৱাত কাজিয়াৰ সূত্ৰপাত হয় । সেই কাজিয়াৰ আলম লৈ শ্যামলী বিশ্বাস,মণি মজুমদাৰ আৰু মোহন বিশ্বাসে ঘৰত কোনো নথকাৰ সুযোগতে ৰুবি পণ্ডিতক কেৰাচিন ঢালি জ্বলাই হত্যা কৰি পুখুৰীত পেলাই দিয়ে । অৱশেষত সম্পূৰ্ণ পাঁচবছৰৰ অন্তত আদালতে বুধবাৰে চূড়ান্ত ৰায়দান প্ৰদান কৰি তিনি হত্যাকাৰীক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে ৷
লগতে পঢ়কঃ নীল-অভি গোচৰঃ আদালতত হাজিৰ নহ'ল সাক্ষী