অসম

assam

ঢোলৰ ছেৱত কঁকাল ঘূৰালে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে

By

Published : Apr 19, 2022, 6:44 PM IST

হোজাইত ৩৭ সংখ্যক ৰঙালী বিহু উদযাপন (Rongali Bihu celebration in Hojai) ৷ অনুষ্ঠানত উপস্থিত থাকে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ লগতে বহুকেইজন নিমন্ত্রিত অতিথি । উক্ত বিহুৰ অনুষ্ঠানত ঢোলৰ ছেৱত কঁকাল ভাঙি নাচিলে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ৷

rongali-bihu-celebration-in-hojai
হোজাইত ৩৭ সংখ্যক ৰঙালী বিহু উদযাপন

হোজাই, 19 এপ্ৰিল : হোজাই কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত হোজাই বিহুতলীত আয়োজন কৰা হয় ৩৭ সংখ্যক ৰঙালী বিহুৰ অনুষ্ঠান (Rongali Bihu celebration in Hojai)। ৰঙালী বিহুৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু আন নিমন্ত্রিত অতিথিসকল । উক্ত বিহু অনুষ্ঠানত ঢোলৰ ছেৱত বিহু নৃত্য কৰা দেখা গ'ল বিধায়ক ৰামকৃষ্ণ ঘোষক ।

আনহাতে, বিহুৰ মূল কাৰ্যসূচী হিচাপে অহা ৫,৬ আৰু ৭ মে’ তাৰিখে অনুষ্ঠিত হ'ব বিহু আৰু সাংস্কৃতিক অনুষ্ঠান । ইফালে সাংস্কৃতিক অনুষ্ঠানত সংগীতানুষ্ঠান পৰিবেশন কৰিব নীল আকাশ আৰু প্ৰবীণ বৰাই ।

হোজাইত ৩৭ সংখ্যক ৰঙালী বিহু উদযাপন

ইফালে, ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় সাংস্কৃতিক অনুষ্ঠান ৷ নগাঁৱৰ বঢ়মপুৰত আয়োজন কৰা এক বিহু অনুষ্ঠানত (Rongali Bihu celebration at Barhampur )গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰা হয় কণ্ঠশিল্পী দ্বীপলিনা ডেকাক (Deeplina Deka Bihu program) ৷

আনহাতে নগাঁৱৰ পূৱ আমোলাপট্টিত অনুষ্ঠিত ৰঙালী বিহু অনুষ্ঠানত কণ্ঠশিল্পী ভৃগু কাশ্যপৰ সংগীতানুষ্ঠান (Singer Brigu Kashyap performance) ৷ ৰাজ্যত কেইবাদিনো ধৰি অব্যাহত থকা প্ৰতিকূল বতৰৰ মাজতে এই সংগীতানুষ্ঠান উপভোগ কৰিবলৈ ওলাই আহিল কেইবা সহস্ৰাধিক লোক ৷ কণ্ঠশিল্পীগৰাকীৰ গীতৰ (Singer Brigu Kashyap programme) তালে তালে নাচিলে সকলোৱে ।

লগতে পঢ়ক :বিহুতে নাচিবৰ মন : মাজুলীত ঢোলৰ চেঁৱত কঁকাল ঘূৰালে পৰ্যটকে

ABOUT THE AUTHOR

...view details