অসম

assam

ETV Bharat / state

হোজাইৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা - বৰ্তমানলৈকে চিনাক্ত হোৱা নাই

দূৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক‌ আৰোহীজনক বলেৰ পিক‌আপ’ বাহনখনৰ চালকজনেই লৈ যায় লংকা প্ৰাথমিক চিকিৎসালয়লৈ । ইপিনে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই আহত বাইক‌ আৰোহী জনৰ পৰিচয় ।

rode accident at hojai
হোজাই ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা

By

Published : Nov 10, 2020, 9:45 PM IST

হোজাই,10 নৱেম্বৰঃ হোজাই জিলাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শীলবস্তিৰ বাইপাছত মঙলবাৰে এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । এখন টিভিএছ বাইক আৰু ব্ৰ‌ইলা কহিওৱা বলেৰ' পিক‌আপ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাতো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷


উল্লেখযোগ্য যে, দূৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক‌ আৰোহীজনক বলেৰ পিক‌আপ’ বাহনখনৰ চালকজনেই লৈ যায় লংকা প্ৰাথমিক চিকিৎসালয়লৈ । ইপিনে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই আহত বাইক‌ আৰোহী জনৰ পৰিচয় । দূৰ্ঘটনাগ্ৰস্ত বলেৰ'খনৰ পঞ্জীয়ন নম্বৰ AS09-AC- 2696 আৰু বাইকখন পুৰণা হোৱা হেতুকে চিনাক্ত কৰিব পৰা নগ’ল দূৰ্ঘটনাগ্ৰস্ত বাইকখনৰ পঞ্জীয়ন নম্বৰ ।

হোজাই ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা
ইপিনে ঘটনাস্থলীত স্থানীয় যান-বাহান নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী উপস্থিত হৈ দুয়োখন বাহন লংকা আৰক্ষী থানালৈ লৈ যায়।লগতে পঢ়কঃ বাংলাদেশ সেনাক প্ৰশিক্ষিত কুকুৰ আৰু ঘোঁৰা প্ৰদান ভাৰতীয় সেনাৰ

ABOUT THE AUTHOR

...view details