অসম

assam

ETV Bharat / state

মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বখলা বখলে এৰিল পথৰ ব্লেক টপিং - খেৰণি আৰু ডংকামোকাম সংযোগী পকী পথে

পশ্চিম কাৰ্বি আংলঙত মেৰামতি চলি থকা এটা পথৰ অৱস্থাই উদঙাইছে ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ কামৰ ফোপোলা স্বৰূপ । মেৰামতিৰ কাম সম্পূৰ্ণ নৌহওতেই বিধস্ত ৰূপ ল'লে খেৰণি আৰু ডংকামোকাম সংযোগী পকী পথে । বিষয়া-ঠিকাদাৰে পথ মেৰামতিৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজ আৰু বিভিন্ন সংগঠনৰ ।

পশ্চিম কাৰ্বি আংলঙত পথ মেৰামতিৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ
পশ্চিম কাৰ্বি আংলঙত পথ মেৰামতিৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

By

Published : Dec 23, 2020, 7:49 PM IST

হোজাই, ২৩ ডিচেম্বৰ: পকী পথ মেৰামতিৰ কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ ৰাইজ । কেইবা কোটি টকা ব্যয় সাপেক্ষে মেৰামতি কৰা হৈছে খেৰণিৰ পৰা ডংকামোকাম সংযোগী গড়কাপ্তানী পথটো । কিন্তু মেৰামতিৰ কাম চলি থকাৰ মাজতে পোহৰলৈ আহিল ঠিকাদাৰৰ কামৰ নমুনা ।

পশ্চিম কাৰ্বি আংলঙত পথ মেৰামতিৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

বখলা বখলে এৰিছে পকী পথৰ ব্লেক টপিং । হাতেৰে চুলেই এৰি আহে টপিং । দায়িত্বহীন বিভাগটোৱে পথ মেৰামতিৰ কাম পৰ্যবেক্ষণ নকৰাৰ বাবে ঠিকাদাৰে নিজ ইচ্ছাৰে কাম কৰি আছে । আনহাতে, পথ মেৰামতিৰ নামত ঠিকাদাৰ, বিভাগীয় বিষয়া আৰু মধ্যভোগী দালালে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই এনেদৰে পকী পথটোৰ বিধ্বস্ত অৱস্থা হৈছে বুলি অভিযোগ তুলি ক্ষুদ্ধ হৈ পৰে ৰাইজ আৰু বিভিন্ন দল-সংগঠন ।

পশ্চিম কাৰ্বি আংলঙত পথ মেৰামতিৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

পথ মেৰামতিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উন্নত সামগ্ৰী ব্যৱহাৰ কৰি চৰকাৰী নিয়ম মতে, পথ মেৰামতি কৰিবলৈ দাবী জনাইছে ৰাইজ আৰু সংগঠনকেইটাই । কিয়নো, পথটো ভালদৰে নিৰ্মাণ নকৰিলে সোনকালে জৰাজীৰ্ণ ৰূপ ল'ব আৰু পুনৰ যাতায়াতৰ নামত ৰাইজে যমৰ যাতনা ভূগিব লাগিব ।

লগতে পঢ়ক:বাক্সাত বৰদিন উদযাপনৰ বিশেষ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details