হোজাই, 31 অক্টোবৰ :শনিবাৰে হোজাই জিলাৰ লংকা-লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন বস্তিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । 2nd APTF(Assam police task foce) বেটালিয়ানৰ দুখনকৈ বাহন দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত আহত হয় ১৭ জনকৈ আৰক্ষীৰ জোৱান ৷
আহত জোৱান কেইজনৰ ভিতৰত 11 জনৰে অৱস্থা অতি সংকটজনক ৷ প্ৰথম অৱস্থাত আহত জোৱান কেইজনক প্ৰাথমিক চিকিৎসাৰ বাবে লংকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত থকা জোৱান কেইজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ ৷